তামুলপুৰ জিলাৰ গোৰেশ্বৰত আজি পুনৰ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
গোৰেশ্বৰ মণ্ডল বিজেপিৰ উদ্যোগত গোৰেশ্বৰৰ বেঙেনাআটীত অনুষ্ঠিত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।
মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
গোৰেশ্বৰত বিজয় সংকল্প সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- আমি বিটিআৰৰ সকলো সমষ্টিতে যাম আৰু নিৰ্বাচন খেলিব নে নাই সুধিম। ৰাইজে নিৰ্বাচন খেলিব কলে আমি নিৰ্বাচন খেলিম। মুখ্যমন্ত্ৰীয়ে লগতে কয়-
৫৫০খন আবেদন আছে যিসকলে বিটিআৰৰ বাহিৰলৈ আহিব বিচাৰে।
বিটিআৰত ২৬টা জনগোষ্ঠীয়ে বাস কৰে। কিন্তু তেওঁলোকে এতিয়াও কিবা এটা যেন বিচাৰি পোৱা নাই।
বিজেপিয়ে বিচাৰে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে। বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক থাকিব লাগে। শান্তি সম্প্ৰীতি অটুট থাকিব লাগে।
আগতে বিটিআৰত শান্তি নাছিল।
কিন্তু মই ২১ত মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলি ফুটা নাই ।
আগতে বিটিআৰত কোনো মুখ্যমন্ত্ৰী যোৱা নাছিল। গলেও কেবল কোকৰাঝাৰলৈ গৈছিল।
কিন্তু মই বিটিআৰত ২০০ বাৰ গৈছো।
বিটিআৰ যদি থিক কৰিব লাগে তেন্তে ভিচিডিচি ব্যৱস্থাটোৰ পৰিবৰ্তন হ’ব লাগিব । ভিচিডিচিৰ নিৰ্বাচন হব।
এনেকুৱা এখন বিটিআৰ লাগে য’ত পইচা নিদিয়াকৈ চাকৰি পাব পাৰে। পইচা নোহোৱাকৈ দিছপুৰৰ পৰা চাকৰি পাব পাৰি বুলি যি বিশ্বাস গঢ়লৈ উঠিছে সেই বিশ্বাস কোকৰাঝাৰৰ প্ৰতিও থাকিব লাগিব।
কোকৰাঝাৰত বিজেপি জিকিলে গোৰেশ্বৰৰ দুখীয়া মানুহো চাকৰি পাব। সকলোৱে মাটিৰ অধিকাৰ পাব। মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহিব বিচাৰিছো।
বিটিআৰত যাতে সকলোৱে থাকিব বিচাৰে তেনেকুৱা তেনেকুৱা পৰিবৰ্তন বিচাৰো।
আগতে তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী হৈ থাকোতে বিটিআৰলৈ অহা নাছিল। কেতিয়াবা ফুৰিবলৈহে আহিছিল।
বিটিআৰৰ মানুহক ভাগ্যৰ ওপৰত এৰি দিব বিচৰা নাই। সেয়ে মই বিটিআৰলৈ বাৰে বাৰে আহিছো।
সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয়- উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই ।
এইপিনে ঝাৰখণ্ডৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
