Tuesday, July 8, 2025
Homeঅসমবনভোজলৈ নাযাব! পুনৰ বাছ দুৰ্ঘটনা

বনভোজলৈ নাযাব! পুনৰ বাছ দুৰ্ঘটনা

চন্দন বৰা, ৮জানুৱাৰী: পুনৰ বনভোজলৈ যোৱা আল্টা ষ্টাৰ বাছ দূৰ্ঘটনাগ্ৰস্ত । এইবাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণুপুৰ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা ।

ঘাইপথৰ মাজতেই বাছখনৰ পিছৰ চকা খুলি পৰে । সৌভাগ্য ক্ৰমে ৰক্ষা পৰে লক্ষৌজান পৰা দেওপানী মন্দিৰলৈ যোৱা বনভোজকাৰী দলটো । গাড়ীখনৰ নম্বৰ AS02B5529 ।

উল্লেখ যে গাড়ীখনৰ চকা খুলি যোৱাৰ লগে লগে ততাতৈয়াকৈ গাড়ীৰ পৰা যাত্ৰীসকল নামি যায় । অৱশ্যে কোনোলোক আহত হোৱা নাই । বাছখনত মুঠ 37 জনকৈ লোক আছিল।দেওবাৰে সন্ধিয়া সময়ত সংঘটিত হয় এই দুৰ্ঘটনা
দেওপানীৰ পৰা লক্ষৌজানলৈ ঘূৰি অহাৰ পথত সংঘটিত হয় এই দূৰ্ঘটনা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments