ডিজিটেল ডেস্ক, ANEWS24X7: তাজমলৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ অঞ্চলটোৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো ধৰণৰ বাণিজ্যিক কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে ৷ সোমবাৰে এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ এই নিৰ্দেশনাৰ সঠিকভাবে কাৰ্যকৰী কৰা হৈছে নে নাই নিশ্চিত কৰিবৰ বাবে আগ্ৰা উন্নয়ন পৰিষদক দায়িত্ব অৰ্পন কৰা হৈছে ৷
তাজমলৰ চাৰিওফালে গঢ়ি উঠা অবৈধ দোকানৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জনিত আবেদন কৰা হৈছিল৷এই আবেদনৰ ভিত্তিত উচ্চতম নায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কল আৰু ন্যায়াধীশ এ এছ ওকাৰৰ খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰে৷এই ৰায় কঠোৰ ভাবে কাৰ্যকৰী কৰিবৰ বাবে আগ্ৰা উন্নয়ন পৰিষদক নিৰ্দেশ দিয়া হৈছে ৷
উল্লেখ্য যে, মোকাৰ্দমাকাৰীৰ অধিবক্তাই তাজমহলৰ পশ্চিম প্ৰান্তত অবৈধভাবে ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত অনুৰোধ জনাইছিল ৷