বোকাখাত, ১০ছেপ্তেম্বৰ: নিশা দুই গগৈৰ বন্ধ কোঠাৰ ভিতৰত গোপন আলোচনা ৷ কিন্তু কোন এই দুই গগৈ ? আপোনালোক সকলোৰে নিশ্চয় মনত আছে, কাজিৰঙাৰ ৰজা হিচাবে সংবাদ শিৰোনাম দখল কৰা, দুটাকৈ কাৰ্যকাল বোকাখাতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈৰ কথা ৷ সেই জিতেন গগৈৰ বাসগৃহতে সোমবাৰে নিশা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ উপস্থিত হৈ মিলিত হ’ল এক গোপন আলোচনাত ৷ পুৰণি চিনাকী আৰু ঘৰুৱা সম্পৰ্ক বুলি কৈ লুৰীণ জ্যোতি গগৈয়ে সমাগত পঞ্চায়ত নিৰ্বাচন বা আগন্তুক ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ সম্পৰ্কত পোনপতীয়া আলোচনা নকৰিলেও বৰ্তমান সময়ত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ সুৰক্ষাৰ ওপৰতেই আলোচনা কৰা বুলি মন্তব্য কৰে সংবাদ মাধ্যৰমৰ সন্মুখত ৷
#অসম গণ পৰিষদ বিজেপিৰ বি টীম বুলি কৈ আত্মসমৰ্পণ কৰি ৰাজনৈতিক ক্ষমতা সুৰক্ষাৰ বাবেই কাম কৰি আছে ৷ যাৰবাবে অতুল বাহিনীয়েল অসম চুক্তিৰ সকলো দফা জলাঞ্জলি দিলে কেৱল ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ৷
#আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ শেহতীয়া স্থিতিৰ ওপৰত আছুৰ বিষয়ববীয়া আৰু শীৰ্ষ নেতৃত্বই অতি শীৰ্ঘ্ৰে আলোচনা কৰি গৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছুৰ পূৰ্বৰ গৰিমা অক্ষুন্ন ৰখাৰ আহ্বান জনায় প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি জনে ৷
ইফালে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰিবনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈৰ সৈতে ঘৰুৱাভাৱে আলোচনাত মিলিত হও যদিও দলত যোগদানৰ বাবে দিয়া প্ৰস্তাৱৰ কথা স্বীকাৰ কৰে ৷ জাতীয়তাবাদী চিন্তা ধাৰাৰে বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে কাম কৰি থকা জিতেন গগৈয়ে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে কুজকাৱাজ চলোৱা কথা ব্যক্ত কৰে ৷ মাজত সময় আছে বাবে নিৰ্বাচনত পুনৰ অৱৰ্তীণ হ’বনে বা অসম জাতীয় পৰিষদত যোগদান কৰিবনে নাই সেই কথা খোলাকৈ একো মন্তব্য নকৰিলে জিতেন গগৈয়ে ৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বিধায়ক হিচাবে সমষ্টিত যিমান উন্নয়ন কৰিব লাগিছিল মন্ত্ৰী হিচাবে কিন্তু সমষ্টিত সিমান উন্নয়ন কৰিব পৰা নাই বুলি জিতেন গগৈয়ে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৷