Tuesday, July 8, 2025
Homeঅসমচামগুৰি সমষ্টিৰ উপ নিৰ্বাচন কেন্দ্ৰীক হিংসা

চামগুৰি সমষ্টিৰ উপ নিৰ্বাচন কেন্দ্ৰীক হিংসা

চামগুৰি, ১৫অক্টোবৰ: চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছ দলে বাইক ৰেলীৰ আয়োজন কৰিছিল। যত ৰূপহীহাট বিধান সভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰিৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ওলাইছিল। শিঙিমাৰী যোৱাৰ পথতে বিজেপি কৰ্মী সমৰ্থকে চামগুৰিৰ বৰতলত কংগ্ৰেছী কৰ্মী সমৰ্থক সকলক বাধা দিয়াৰ লগতে গাড়ী বাইক ভাঙি চূৰমাৰ কৰি উভতাই পঠিয়াই কংগ্ৰেছী কৰ্মী সমৰ্থক সকলক।

বিজেপি নেতা মজিবুৰ ৰহমানৰ ঘৰৰ সন্মুখতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা । আৰু লক্ষ্যনীয় বিষয় এইয়ে যে সেই সময়ত উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছতো কিদৰে আৰক্ষীৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হ’বলৈ পালে সেইয়াও এক ৰহস্যৰ বিষয়। যিহেতু এদিন পূৰ্বে চামগুৰি সমষ্টিৰ শিঙিমাৰীত ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনে এখন সভাত আৰক্ষীৰ ভূমিকাক লৈও কিছু মন্তব্য কৰা পৰিলক্ষিত হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments