Thursday, March 12, 2026
Homeঅসমদুখৰ স্মৃতিত "২০২৫"....বিদায়

দুখৰ স্মৃতিত “২০২৫”….বিদায়

পোৱা নোপোৱা আৱেগৰ মাজতে বিদায় দিবৰ হ’ল ২০২৫ চনক। পুনৰ নতুন এটা বছৰক আদৰিবলৈ সাজু বিশ্ববাসী। বছৰৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ নিশাক লৈ বিভিন্ন প্ৰান্তত চলিছে আয়োজন।

বিদায় ২০২৫। অসমে হেৰুৱালে উজ্বল নক্ষত্ৰ। সাংস্কৃতিক ক্ষেত্রখন আছিল দ্বন্দ্বময়। এই ক্ষেত্ৰখনত একে সময়তে সৃষ্টিশীল প্রয়াস আৰু নীৰৱতা- দুয়োটাকে দেখা গ’ল। বিশেষকৈ জনপ্রিয় সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যপূৰ্ণ বিয়োগে এই কথাটো অধিক স্পষ্ট কৰি তুলিলে। বিদেহ শিল্পীগৰাকীৰ প্ৰতি সৰ্বসাধাৰণ লোকৰ স্বার্থহীন আগ্রহ আৰু ভালপোৱাৰ প্ৰকাশ আছিল অসমৰ সাংস্কৃতিক ক্ষেত্রখনক উজ্জীৱিত কৰিব পৰা আটাইতকৈ ডাঙৰ পৰিঘটনা। খুব কম সময়ৰ ভিতৰতে জুবিন গাৰ্গক লৈ ভালেমান লেখা আৰু কিতাপো প্রকাশ পালে। কিন্তু অধিকাংশ কিতাপকেই কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা বাবে তাত প্ৰকাশ পোৱা অমনোযোগিতা আৰু তথ্যগত ভ্ৰান্তিৰ সংখ্যাই সৃষ্টিশীল নীৰৱতাৰ দিশটোকে স্পষ্ট কৰে। ভাষা, সাহিত্য, চিনেমা, সংগীত- এইবোৰ কেৱল বিনোদন নহয়, এইবোৰ সমাজৰ আত্মা। কিন্তু আত্মাৰ যত্ন নল’লে উৎসৱ আয়োজনৰ উদ্দামতাই সেই অভাৱ ঢাকিব নোৱাৰে।

কেৱল জুবিন গাৰ্গেই নহয়, বছৰটোৰ আৰম্ভণিতে ২ জানুৱাৰীত আমি হেৰুৱালোঁ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পৰাণ বৰবৰুৱাক। ইয়াৰ মাত্ৰ কেইদিনমান পিছতে ৮ জানুৱাৰীত ৯৩ বছৰ বয়সত জীৱন নাটৰ সামৰণি মাৰে কিংবদন্তি অভিনেত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া ছবিৰ প্ৰথম প্ৰতিনিধি জ্ঞানদা কাকতিয়ে।

১৩ জানুৱাৰীৰ দিনা বিহুৰ উৰুকাৰ আনন্দৰ মাজতে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৱে সাংস্কৃতিক ক্ষেত্ৰখনত গভীৰ ছাঁ পেলায়। একেদৰে বিশিষ্ট তবলাবাদক আবিৰ বৰগোহাঞি (১৯ জানুৱাৰী), সুকণ্ঠী গায়িকা বীণা ভাগৱতী (৩ ফেব্ৰুৱাৰী), বাঁহীৰ যাদুকৰ দীপক শৰ্মা (৩ নৱেম্বৰ) আৰু বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী চৈয়দ ছাদুল্লাৰ (৩০ অক্টোবৰ) বিয়োগে অসমৰ সাংস্কৃতিক বৰঘৰটো উদং কৰি থৈ গ’ল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments