Friday, November 8, 2024
Homeঅসমৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত , স্থাপন কৰা হ’ব দুখনকৈ নতুন বিশ্ববিদ্যালয়

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত , স্থাপন কৰা হ’ব দুখনকৈ নতুন বিশ্ববিদ্যালয়

ডিজিটেল ডেস্ক ANEWS24X7: দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । উক্ত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেলযোগে অৱগত কৰে কেবিনেটৰ সিদ্ধান্ত সমূহ ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে এটা জইণ্ট ভেন্সাৰ কোম্পানী কৰা হ’ব । অসম চৰকাৰ আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ এই কোম্পানীটোৰ যোগেদি যোৰহাট আৰু ডিব্ৰুগড়ত নতুনকৈ দুটা দুগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰা হ’ব ।

ইয়াৰ উপৰিও কেবিনেটে দুখনকৈ নতুন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অনুমোদন জনায় । আজাৰাত স্থাপন হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আাৰু হাজংবাৰীত স্থাপন কৰা হ’ব প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় । আনহাতে সাধাৰণ গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰটো কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত ।

ৰাজ্যত সৰু সৰু ধাৰাৰ পৰি থকা সাধাৰণ গোচৰসমূহ উঠাই লোৱা হ’ব । ৰাজ্যত ৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আইৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা হ’ব । ইয়াৰ বাবে কেবিনেটে ৩৬৬ কোটি টকাৰ অনুমোদন জনায় । আনহাতে, নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজৰ বাবে কেবিনেটে নতুনকৈ ৩৯৭ কোটি টকাৰ অনুমোদন জনায় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments