Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়মন্দিৰত প্ৰৱেশ নিষেধ কেমেৰা আৰু মোবাইল!

মন্দিৰত প্ৰৱেশ নিষেধ কেমেৰা আৰু মোবাইল!

 

ডিজিটেল ডেস্ক, ANEWS24X7:  তামিলনাডুৰ মন্দিৰত প্ৰৱেশ নিষেধ কেমেৰা আৰু মোবাইল ৷ এতিয়াৰে পৰা মন্দিৰত নিব নোৱাৰিব মোবাইল ফোন আৰু কেমেৰা ৷ শুক্ৰবাৰে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই ৰায় ৷

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তামিলনাডু চৰকাৰক মন্দিৰৰ পবিত্ৰতা আৰু বিশুদ্ধতা সুৰক্ষিত কৰিবৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ মাধৱন আৰু জে সত্য নাৰায়ণৰ বিচাৰপীঠে কয় যে,‘‘ভক্তসকলে যাতে সঠিক কাপোৰ পিন্ধে আৰু মন্দিৰত প্ৰৱেশ কৰে সেয়া চৰকাৰে নিশ্চিত কৰিব লাগে।’’

কিছুদিন পূৰ্বে তামিলনাডুৰ থুথুকুডি জিলাৰ প্ৰাচীন অৰুলমিগু সুব্ৰহ্মণ্য মন্দিৰৰ পৰিচালনা সমিতিৰ এজন সদস্যই মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল।

আবেদনকাৰীয়ে আদালতক কৈছিল যে, ‘‘ বহুতো ভক্ত মন্দিৰত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ সন্মতি অবিহনে দেৱতা, মূল্যৱান সামগ্ৰী আৰু আনকি আন ভক্তসকলৰ ফটো তুলিছিল।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments