ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআইৰ জালত ভাৰতীয় ৰে’ল সেৱাৰ জ্যেষ্ঠ বিষয়া ৷ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় ৰে’ল সেৱাৰ জ্যেষ্ঠ বিষয়া জিতেন্দ্ৰ পাল সিং ৷
ৰে’লৱে বিষয়া জিতেন্দ্ৰ পাল সিং গুৱাহাটীত সহকাৰী জোনেল ৰে’লৱে মেনেজাৰ হিচাপে কৰ্মৰত আছিল ৷ তেওঁ লগতে তেওঁৰ সহযোগী হৰি ওমকো গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে ৷
দেওবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ৷ উৎকোচ লৈ থকা সময়তে গ্ৰেপ্তাৰ কৰে চিবিআইয়ে ৷ ৫০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰিছিল ৷ ঘটনা সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ৷ জীতেন্দ্ৰ পাল সিং ১৯৯৭ বৰ্ষৰ এজন ৰে’লৱে অভিযন্তা ৷ এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই চিবিআই কৰ্তৃপক্ষয় ৷ উল্লেখ্য যে যোৱা ১৩ জানুৱাৰীত চিবিআইয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি লাভ কৰিছিল ৷