ডিজিটেল ডেস্ক, ANEWS24x7: দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ কাৰ্যালয়ত পুনৰ চিবিআইৰ অভিযান ৷ শনিবাৰে দিল্লী সচিবালয়ত আপ নেতা তথা উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইৰ অভিযান চলাই ৷ এক টুইট যোগে এই কথা সদৰী কৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ৷
চিছোদিয়াই কয় যে , ‘‘ আজি আকৌ চিবিআই মোৰ কাৰ্যালয়ত উপস্থিত হৈছে ৷ তেওঁলোকক স্বাগতম জনাইছো ৷ তেওঁলোকে মোৰ ঘৰত তালাচী চলাইছিল , মোৰ কাৰ্যালয়ত তালাচী চলাইছিল , মোৰ লকাৰত তালাচী চলাইছিল , আনকি মোৰ গাঁৱত তালাচী চলাইছিল ৷ মোৰ বিৰুদ্ধে একো পোৱা নাই আৰু একো নাপাব কাৰণ মই ভুল কৰা নাই ৷ দিল্লীৰ শিশুসকলৰ শিক্ষাৰ বাবে আন্তৰিকতাৰে কাম কৰিছিলো ৷’’
উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত চিবিআইয়ে দিল্লীৰ আবকাৰী নীতি ২০২১-২২ৰ মানি লণ্ডাৰিং গোচৰত উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ পঞ্জাৱ নেচনেল বেংকৰ লকাৰত তালাচী চলাইছিল ৷ বিগত বৰ্ষত চিবিআইয়ে চিছোদিয়াৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ ২১ টা স্থানত অভিযান চলাইছিল ৷