ডিজিটেল ডেস্ক, anews24x7: ঘোষণা হ’ল CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। বৃহস্পতিবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰে। ১৫ ফেব্ৰুৱাৰীৰ পৰা ২১ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ২০২৩।
চিবিএছইৰ তথ্য অনুসৰি এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.১২ শতাংশ, যিটো ২০১৯ চনত ক’ভিডৰ পূৰ্বৰ সময়ছোৱাত ৯১.১০ শতাংশ উত্তীৰ্ণৰ শতকৰা হাৰ ভাল।
৩৪ লাখ ৮০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এইবাৰ পৰীক্ষাত। ইয়াৰে ২১ লাখ ৪০ হাজাৰ ছাত্ৰী, ১৩ লাখ ৪০ হাজাৰ ছাত্ৰ। উত্তৰ-পূবৰ ৩৪৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা