Monday, March 16, 2026
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন। প্রধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ দেশজুৰি ব্যাপক উল্লাস।ভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীক।

১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদী পিতৃ দামোদৰ দাস মোদী আৰু মাতৃ হীৰাবা মোদীৰ ছয়টা সন্তানৰ ভিতৰত তৃতীয় সন্তান। জীৱনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সদস্য হৈছিল। ১৯৭০ ৰ দশকৰ পৰা ৰাজনীতিত জড়িত থকা স্বত্বেও, ১৯৯০ৰ দশকৰ শেষলৈকে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰে বিশেষ গতি লাভ কৰা নাছিল।

২০০১ চনৰ ৭ অক্টোবৰত নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ২০১৪ত বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়ী হৈছিল আৰু তিনি দশকত প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছিল। এই চনতে তেওঁ প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments