চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত সংগীত শিক্ষক নিযুক্তি দিয়া হৈছে। সংগীত শিক্ষকসকলক দৰমহা আদায় দিব হান্স ফাউণ্ডেচনে। ৰাজ্য চৰকাৰৰ আহ্বানৰ ভিত্তিতে এই পদক্ষেপ লৈছে হান্স ফাউণ্ডেচনে। চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে সাংস্কৃতিক প্ৰতিযোগিতা।
৭ জানুৱাৰী পৰ্যন্ত চলিব এই প্ৰতিযোগিতা। সমান্তৰালকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়তো চলিব এই প্ৰতিযোগিতা। বৰ্তমানে ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আছে ৰাজ্যত আৰু এইপৰ্যন্ত ২২ গৰাকী সংগীত শিক্ষক নিযুক্তি দিয়া হৈছে। এই কথা জনালে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে।
৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ সুৰ-সংগম প্ৰতিযোগিতা। গুৱাহাটীত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ৫ প্ৰতিযোগীক নিৰ্বাচন কৰা হ’ব। এই ৫ প্ৰতিযোগীসকলে সুৰেশ ৱাড়েকাৰৰ তত্বাৱধানত সংগীতৰ শিক্ষা আহৰণৰ সুযোগ লাভ কৰিব। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব এই সুৰ-সংগম প্ৰতিযোগিতা। ৰাজ্যিক পৰ্যায়ৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বাছনি। এই কথা জনালে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে।
