ছয়গাঁও, ধীৰাজ কুমাৰ দাস: আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ প্ৰাক্তন সহকাৰি সম্পাদক প্ৰকাশ দাসে বিজেপিত যোগদান কৰাৰ পিচত সৰ্বত্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৷ তাৰ মাজতে আজি ছয়গাঁৱৰ মাজ মজিয়াত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰত অৰ্থাত প্ৰস্ৰাৱ কৰা ঠাইত দুয়োজনৰে দুখন ফটো দেখা পাই তালৈ প্ৰস্ৰাৱ কৰিবলৈ যোৱা লোক সকল আচৰিত হৈ পৰিছে ৷
বহু লোকে উক্ত ফটো দুখনৰ ওপৰতে প্ৰস্ৰাৱ কৰি যোৱা বুলি জানিব পৰা গৈছে ৷ ৰাজহুৱা প্ৰস্ৰাৱগাৰত এনেদৰে দুয়োগৰাকী প্ৰাক্তন আছু নেতাৰ ফটোৰ ওপৰত প্ৰস্ৰাৱ কৰি থকা বিষয়ে সমগ্ৰ ছয়গাঁৱত প্ৰচাৰ হোৱাৰ পিচতে ৰাজহুৱা প্ৰস্ৰাবখানা খনলৈ মানুহৰ সোত বোৱা পৰিলক্ষিত হৈছে ৷
আনহাতে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শালৈয়ে এই দুগৰাকী আছু নেতাক গাদ্দাৰ আখ্যা দি এক ভিদিও সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে ৷