Tuesday, March 10, 2026
Homeঅসমগণৰাজ্য দিৱসত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

গণৰাজ্য দিৱসত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত পতাকা উন্মোচন কৰিলে ৰাজ্যপালে আনফালে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ জাতীয় পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে।উন্মোচনৰ পিছতে মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ

মুখ্যমন্ত্ৰীয়ে কয় ‘‘আৰম্ভণিৰ পৰা সংবিধানৰ আত্মাক কংগ্ৰেছৰ আঘাতৰ চেষ্টা কৰি আহিছে। প্ৰথম পৰ্যায়ত বি আৰ আম্বেদকাৰে সংবিধান সভাত স্থান পোৱা নাছিল। জৱাহৰলাল নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীৰ চেষ্টাত বি আৰ আম্বেদকাৰে পাইছিল সংবিধান প্ৰণয়নৰ দায়িত্ব লাভ কৰিছিল। আধুনিক ভাৰতৰ অনিৰূদ্ধ যাত্ৰা আমাৰ দেশত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্ব লোৱাৰ পৰা এয়া সম্ভৱ হৈছে। ৩০ জানুৱাৰীত ডিব্ৰুগড় বিধানসভা চৌহদৰ আদাৰশিলা স্থাপন হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব আধাৰশিলা। ৩০০ কোটি টকাৰ ব্যয়েৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব বিধানসভা চৌহদ। অনাগত ৩ বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বিধানসভা চৌহদৰ। ডিব্ৰুগড়ত স্থাপন হ’ব উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চ।’’

‘‘২০২৭ত অসমৰ GDP ১০ লাখ কোটি হ’ব। বিগত ৫ বছৰত বিকাশৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছোঁ। অসমৰ পৰিচয় এতিয়া বহুগামী উন্নয়নৰ যাত্ৰা। অসমৰ উন্নয়ন কেৱল ৰাস্তা নহয়, অসমৰ পৰিচয় বহুগামী উন্নয়নৰ যাত্ৰা। পূৰ্ববংগীয় মুছলমানে অসমৰ উন্নয়নত প্ৰশ্নৰ সৃষ্টি কৰিছে। ৰাজ্যত পূৰ্ববংগী মুছলমানৰ সংখ্যা ৪০ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। বৰ্তমান ১২খন জিলাত হিন্দু সংখ্যালঘূ। বৰ্তমান ৬৩ লাখ ৫৮ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। ২০২১ চনত আমি সিদ্ধান্ত লৈছিল অসমত আমি বেদখল হ’ব নিদিওঁ। বেদখলকৃত ভূমি উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো।’’

‘‘পূব বংগীয় মুছলমানৰ হাতত আছে ৬৩.৫৮ লাখ বিঘা ভূমি আছে। পূৰ্বৰ চৰকাৰে এই ভূমি উদ্ধাৰৰ চেষ্টা কৰা নাছিল। ২০২১ৰ পৰা বৰ্তমানলৈ ডেৰ লাখতকৈ অধিক বিঘা বেদখলমুক্ত হৈছে। বিদেশী বহিষ্কাৰৰ দীৰ্ঘদিনীয়া আকাংক্ষা বাস্তৱত ৰূপায়ণ কৰিছোঁ। এতিয়া জিলা আয়ুক্তই ২৪ ঘণ্টাৰ ভিতৰত দেশৰ পৰা বিদেশী খেদিব পাৰে। জিলা আয়ুক্তই বিদেশী ঘোষণা কৰিলে ২৪ ঘণ্টাতে দেশৰ পৰা বাহিৰ কৰিব পাৰো। অসম আন্দোলন আমাৰ পৰিচয় আৰু মৰণপণ যুঁজ আছিল। জাতিৰ বাবে ৮৬০ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল। শ্বহীদ স্বাৰক নিৰ্মাণ কৰিছো, এয়া স্বহীদৰ বাবে স্বীকৃতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিলে।’’

‘‘বহু বিবাহৰ ৰোধৰ বাবে ঐতিহাসিক আইন গৃহীত কৰিছো। এজনে লোকে দুবাৰ-তিনিবাৰকৈ বিয়া পতাটো বন্ধ হ’ব। প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি অসমবাসীৰ সপোন পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পালে, হোলোঙাপাৰত লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি স্থাপন হ’ল, অসমীয়া ভাষাই ধ্ৰপদী ভাষাৰ মৰ্যাদা পালে, বিহু আৰু ঝুমুৰে বিশ্বৰ মঞ্চত চিনাকি কৰাই দিলো। বাগৰুমবা নৃত্য বিশ্বৰ দৰবাৰলৈ গ’ল। মাত্ৰ ৫ বছৰতে প্ৰতিটো সম্পদ আৰু প্ৰতিটো পৰিচয়ক বিশ্ব বৰসভালৈ নিবলৈ সক্ষম হ’লো।’’

‘‘যোৱা ৫ বছৰত গঁড় চোৰাং চিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিলো। সপোনৰ পৰা বাস্তৱলৈ পূৰণ কৰিবলৈ সক্ষম হৈছো। ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ৰাজ্য অসম। ৫ বছৰৰ তথ্যৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই ঘোষণা। অসমত প্ৰতিবছৰে উৎপাদনৰ গড় বৃদ্ধি ১৩ৰ পৰা ১৫ শতাংশলৈ। ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত প্ৰথমবাৰৰ বাবে অসমৰ প্ৰতিনিধিত্ব। ফ’ৰামৰ উভতি আহি ক’ব পাৰো আজি অসম উন্নত ৰাজ্য হিচাপে পৰিচিত হৈছে। ডাভোচৰ বৈঠকত ডেৰ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পাইছো। অহা ৬ মাহত ছেমিকণ্ডাক্টৰ ৰপ্তানিত ১ নম্বৰ হ’ব অসম’’

‘‘আজিৰ দিনটো লুইতৰ ওপৰত ৪খন দলঙৰ কাম তীব্ৰগতিত আগুৱাই লৈ গৈছো। লুইতৰ ওপৰত ইমান দলং হ’ব বুলি কেতিয়াও কল্পনা কৰা নাছিলো। অচিৰেই লুইতৰে বুকুৰে সুৰংগ নিৰ্মাণ হ’ব। ২ বছৰৰ ভিতৰত কাজিৰঙা এলিভেট ক’ৰিডৰ সম্পূৰ্ণ হ’ব। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ ক’ৰিডৰ নিৰ্মাণ কৰাৰ মোৰ সপোন আছে। শিলিগুৰি-গুৱাহাটী এক্সপ্ৰেছ ক’ৰিডৰ নিৰ্মাণৰো সপোন আছে। মৰাণত Emergency Landing Facility ৰোডত বিমানেৰে আহি প্ৰধানমন্ত্ৰী অৱতৰণ কৰিবলৈ মই আহ্বান জনাইছো।’’

‘‘অসমৰ কোনো যুৱকক দুৰ্নীতিৰ গ্ৰাসৰ পৰি সন্ত্ৰাসবাদত যোগ দিব নালাগে। আমি ১ লাখক নিযুক্তি দিয়া নহয়, স্বচ্ছতাৰে নিযুক্তি দিছো। ফ্ৰেব্ৰুৱাৰী মাহত আৰু কেইবাহাজাৰে নিযুক্তি লাভ কৰিব। অহা ফেব্ৰুৱাৰী মাহত ১ লাখ যুৱকক ১লাখৰ পৰা ২ লাখ, ২লাখৰ পৰা ৫লাখ ধন লাভ কৰিব। অসমৰ যুৱ সমাজে আৰু নতুন কৰ্মসংস্থাপন লাভ কৰিব। অসমৰ চাহ উদ্যোগে অসমৰ জাতিটোক এক অনবদ্য স্বীকৃতি দিছো। চাহৰ বাবেই বিশ্বত চিনাকি অসম। কিন্তু ২০০ বছৰীয়া চাহ শিল্পৰ শ্ৰমিকে গুৰুত্ব পোৱা নাছিল। আমি মাটিৰ পট্টা প্ৰদান, চাকৰিত সংৰক্ষণত গুৰুত্ব দিছো। চাহ জনজাতিৰ বিকাশৰ বাবে আমি গুৰুত্ব দিছো।’’

‘‘আমি আমাৰ নতুন প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব। অহা নিৰ্বাচনত ভোট বেংকৰ ৰাজনীতিৰ পৰিৱৰ্তে বিকাশৰ অনিৰুদ্ধ গতিলৈ আগবাঢ়ি যোৱা এখন অসমৰ বাবে ভোট দিব লাগিব। অসমৰ নতুন প্ৰজন্মই বহু বিবাহ নিবিচাৰে, UCC বিচাৰে। অসমৰ প্ৰতিখন জিলাতে স্থাপন হ’ব মেডিকেল কলেজ। অসমতো উপলব্ধ হ’ব প্ৰটন থেৰাপীৰ দৰে উন্নত চিকিৎসা। অন্ধকাৰৰ কলীয়া দিনবোৰৰ পৰা আমি আঁতৰি আহিছোঁ। সংগ্ৰাম কৰি হ’লেও আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব। আকৌ এবাৰ মোগলসকলৰ ওচৰত হাৰ মানিব নালাগে। আজি আমি ৫টা বছৰে সম্পূৰ্ণ কৰাৰ পথত। যোৱা ৫টা বছৰে লাচিতৰ আদৰ্শেৰে কাম কৰিবলৈ সমৰ্থ। আপোনালোকৰ আশীৰ্বাদৰ বাবে নতুন অসমৰ সপোন দেখিলো।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments