নগাঁও,২৫আগষ্টঃ নগাঁও মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে ধিং কাণ্ডৰ নাবালিকা ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
পাছত তেওঁ সাংবাদিকৰে হোৱা কথা বতৰাত মূখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাক সমালোচনা কৰি কয়,”মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত পালনত ব্যৰ্থ হৈছে। সেয়েহে তেওঁ নিজৰ ব্যৰ্থতা ঢাকিবলৈ ৰাজনীতি আৰম্ভ কৰিছে।”
সাংসদ গগৈয়ে কয়,”আমি পাহৰি গৈছো নেকি ১৫ আগষ্টত কি হৈছিল।আমি পাহৰি গৈছো সমাজত যে সংঘাত বৃদ্ধি পাইছে,চোৰ ডকাইত যে বৃদ্ধি পাইছে,আমি পাহৰি গৈছো নেকি যুৱক সকল যে আলফাৰ প্ৰতি আকৰ্ষিত হৈছে । মুখ্যমন্ত্ৰীয়ে ৰাজ্য খন চলাব পৰা নাই। তেওঁৰ ধন সম্পত্তি বহুত হৈছে, তেওঁ ভি আৰ এছ লওক। য’ত এটা ডাঙৰ ৰিজৰ্ট বনাইছে তাতে শান্তিত থাকক।”
গৌৰৱ গগৈয়ে আৰু কয়,”এইখন সমাজত আমি মানুহ হৈ থাকিম নে জীৱ জন্তুৰ দৰে জংঘলত থাকিম।” ৰাজনৈতিক জীৱনত থকা সকলো লোকে কথা বোৰ বহুত ভাৱি চিন্তি ক’ব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে, বিশেষ জাতি ধৰ্মৰ ওপৰত আঘাত লগা মন্তব্য কৰা উচিত নহয়।
মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অস্ত্ৰ এ আই ইউ ডি এফক কংগ্ৰেছে নাইকিয়া কৰি দিলে বুলি মন্তব্য কৰি গগৈয়ে কয়,”মুখ্যমন্ত্ৰীয়ে আজি বদৰুদ্দিন আজমলক মিছ কৰিছে।”
