ডিজিটেল ডেস্ক, ANEWS24X7: অসমৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। অডিঅ’ বাৰ্তাযোগে খালিস্তানী সমৰ্থকৰ হত্যাৰ ভাবুকি । ডিব্ৰুগড়ৰ কাৰাগাৰত ৮ খালিস্তানী সমৰ্থক আছে । আনহাতে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা খালিস্তানীক ৰাখিছে ডিব্ৰুগড়ত। এই ঘটনাৰ পাছতে হত্যাৰ ভাবুকি দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ‘শিখ ফৰ জাষ্টিচ’নামৰ সংগঠনটোৱে ভাবুকি দিয়ে। ইফালে এই ঘটনাক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ তৎপৰ হৈ পৰে আৰক্ষী। মুখ্যমন্ত্ৰীৰ ইতিমধ্যে Z(+)নিৰাপত্তা আছে যদিও মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাক লৈ তৎপৰ হয় অসম আৰক্ষী। আজি পানেৰীত অসম মন্ত্ৰীসভা চলি থকা বাবে মুখ্যমন্ত্ৰী মহানগৰীৰ বাহিৰত আছে যদিও তেওঁৰ নিৰাপত্তা ইতিমধ্যে আৰু কটকটীয়া কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে।