ডিজিটেল ডেস্ক, ANEWS24X7: কৰ্কট ৰোগী সকলৰ বাবে এটা সুখবৰ ৷ গুৱাহাটী খানাপাৰাস্থিত হেল্থ চিটী হাস্পতালত মুকলি কৰা হৈছে দ্বিতীয়টো অত্যাধুনিক ৰেডিয়চন থেৰাপী ইউনিট যন্ত্ৰ ৷ শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে হাস্পতালখনৰ ৰেডিয়চন থেৰাপী ইউনিটটো ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , হেল্থ চিটী হাস্পতালৰ অধ্যক্ষ ডাঃ ভৱানন্দ দাস , সঞ্চালক ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে হাস্পতালখনৰ কৰ্মকৰ্তা সকল ৷
উক্ত অনুষ্ঠানত হেল্থ চিটী হাস্পতালে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ অনুদান আগবঢ়ায় । ৰেডিঅ’লজী যন্ত্র মুকলি কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ‘‘এই যন্ত্রটোৰ জৰিয়তে কৰ্কট ৰোগীসকল বিশেষকৈ উপকৃত হ’ব। প্রধানমন্ত্রীৰ আয়ুষ্মান ভাৰতৰ যোগেদি বহু মানুহ উপকৃত হৈছে ।এতিয়াৰে পৰা অটল অমৃত কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আয়ুস্মান কাৰ্ড একেলগ কৰা হ’ব। বিনামূলীয়া চাউল পোৱা পৰিয়াললৈও ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্রদান কৰিব ৰাজ্য চৰকাৰে।’’
আনহাতে অসমত বৰ্ধিত কৰ্কট ৰোগকলৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণৰ বিষয়ে গৱেষণাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কি কাৰণত কৰ্কট বৃদ্ধি পাইছে ইয়াকলৈ বিজ্ঞানী সকলক আৰু চিকিৎসক সকলক চিকিৎসাৰ সমান্তৰালকৈ গৱেষণা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বাবে ব্যক্তিগত খণ্ডৰ সৈতে যৌথভাৱে কাম কৰি আহিছে । ২০২০ বৰ্ষৰ এক সমীক্ষা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবছৰে ৩৯ হাজাৰ লোক আক্ৰান্ত হয় কৰ্কট ৰোগত৷ ইয়াৰে ২৯ হাজাৰ কৰ্কট ৰোগী কেৱল অসমৰ ৷
হেল্থ চিটী হাস্পতালত অত্যাধুনিক ৰেডিয়চন থেৰাপী ইউনিট মুকলি কৰাৰ ফলত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগী সকলৰ চিকিৎসৰ ক্ষেত্ৰত সকাহ হ’ব ৷