ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা প্ৰদান। মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা পূৰ্বে থকা Z কেটেগৰীৰ নিৰাপত্তাৰ পৰা Z+লৈ উন্নীত কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰদান কৰিছে এই নিৰাপত্তা ব্যৱস্থা ৷
সমগ্ৰ দেশৰে মুখ্যমন্ত্ৰী সকলক প্ৰদান কৰা হয় এই বিশেষ নিৰাপত্তা ব্যৱস্থা ৷ ইয়াৰ পূৰ্বে সৰ্বানন্দ সোনোৱালকো প্ৰদান কৰা হৈছিল Z+ নিৰাপত্তা ব্যৱস্থা ৷
উল্লেখ্য যে হায়দৰাবাদত গণেশ চতুৰ্থীৰ এক কাৰ্যসূচীত অংশ কৰা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বিষয়টো পৰ্যালোচনা কৰিছিল গৃহ মন্ত্ৰণালয়ে।