Wednesday, July 9, 2025
Homeঅসম৩০ আগষ্টত চিত্ৰগৃহলৈ ‘চিলনী চোৰ’

৩০ আগষ্টত চিত্ৰগৃহলৈ ‘চিলনী চোৰ’

–হেমন্ত শৰ্মা
সম্প্ৰতি অসমীয়া চলচ্চিত্ৰই চিত্ৰগৃহত আশাপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মুক্তিলাভ কৰা ‘বিদুৰভাই’, ‘পিশাচ’ ছবিদুখনক দৰ্শকে আদৰি লৈছে৷ নিশ্চিতভাবে অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে সুখবৰ৷ তেনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে অহা ৩০ আগষ্টত চিত্ৰগৃহলৈ আহিব এখন ব্যতিক্ৰমী ছবি ‘চিলনী চোৰ’৷

‘অসমৰ বিভিন্ন ঠাইৰ চাৰিজন নিবণুৱাই কৰ্মসন্ধানৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি কেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মুখামুখী হ’বলগীয়া হয়, তাৰেই এক সুন্দৰ কাহিনীৰে বাস্তৱধৰ্মী কাহিনীৰে সজোৱা হৈছে ‘চিলনী চোৰ’ৰ চিত্ৰনাট্য৷ ‘মন যায়’, ‘ৰণাংগন’, ‘সন্ধিক্ষণ’, ‘আহি আছে’ আৰু ‘বন্ধু’ৰ দৰে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ চিত্ৰনাট্য-সংলাপেৰে সজোৱা হৈছে ছবিখনি৷ ইতিপূৰ্বে কেবাখনিও সমাদৃত অসমীয়া চলচ্চিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক প্ৰণৱজ্যোতি ভড়ালীয়ে নিৰ্মাণ কৰিছে তেওঁৰ এই নৱতম ছবিছবিখন৷ ‘ৰণাংগণ’ (২০১৩), ‘ইপাৰ-সিপাৰ’ (২০১৭) ৰ দৰে জনপ্ৰিয় ছবি পৰিচালনা কৰা পৰিচালক ভড়ালীৰ তৃতীয়খন ছবি ‘চিলনী চোৰ’ৰ প্ৰচাৰত নামি পৰিছে ছবিখনিৰ কলা-কুশলীসকল৷ বাংগালুৰুৰ ‘বৰছনছ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ প্ৰযোজক পৰেশ বৰা৷

গুৱাহাটী, ৰঙাপাৰা, চতিয়া, মেঘালয়ত দৃশ্যগ্ৰহণ কৰা ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমাট’গ্ৰাফাৰ প্ৰফুল্ল ৰাভাই৷ সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহীৰ ভৈৰৱে৷ চাৰিটি গীত সন্বিৱিষ্ট ছবিখনিৰ কণ্ঠদান কৰিছে জুবিন গাৰ্গ, সুবাসনা দত্ত, দিক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই৷ গীতিকাৰ ৰবচন বৰুৱা, কেশৱ নয়ন, আৰ্য নীল আৰু বিমান বৰুৱা৷ ছবিখনিৰ মুখ্য সহকাৰী পৰিচালক ভৱেশ নাথ আৰু সহকাৰী পৰিচালক পুলক শিৱম৷ এ’ন কম্প’জাৰ প্ৰণৱ মেধি৷ ছবিখনিৰ প্ৰচাৰ উপদেষ্টা হেমন্ত শৰ্মা৷ ‘চিলনী চোৰ’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– অৰুণ হাজৰিকা, দেবানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, ছাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকণ দে, জ্যোতিস্মান শৰ্মা, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দ্বীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ, অনুপম শইকীয়া আদিয়ে৷ নৃত্য নিৰ্দেশক– উদয় শংকৰ, আকাশ জ্যোতি শৰ্মা আৰু ৰাজু৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments