নিউজ ডেস্ক, ANEWS24X7: চীনৰ দখলত নেপালৰ ভূমি ৷ নেপালৰ প্ৰায় ১০ টা স্থানত দখল কৰিছে প্ৰায় ৩৬ হেক্টৰ ভূমি ৷ শেহতীয়াকৈ নেপালৰ কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য ৷
নেপালৰ কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা এই সমীক্ষা অনুসৰি , ‘‘ চীনৰ সীমাৰ সৈতে সংযোগ হৈ থকা নেপালৰ অঞ্চল সমূহত চীনে বেদখল কৰিছে।নেপালৰ ৰাজ্য নীতিত সীমান্তৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে।’’
প্ৰতিবেদন খনত উল্লেখ কৰা তথ্য অনুসৰি ,‘‘নেপালৰ পশ্চিম হুমলা জিলাস্থিত সীমা চকীৰ সমীপত চীনে পথ নিৰ্মাণ কৰাৰ প্ৰয়াস চলাই আছে। তদুপৰি নেপালী কৃষকসকলক পশুধন চৰণ কৰাৰ ক্ষেত্ৰত চীনে বাধা প্ৰদান কৰাৰ লগতে চীন-নেপালৰ সীমান্তৱৰ্তী এলেকাসমূহত হিন্দু আৰু বৌদ্ধ মন্দিৰসমূহতো চীনে প্ৰতিবন্ধকতা প্ৰদান কৰিছে ।’’