ডিজিটেল ডেস্ক, ANEWS24X7: কভিডৰ নতুন ঢৌৱে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত ৷ চীনত দ্ৰুত গতীত বৃদ্ধি পাইছে সংক্ৰমিতৰ সংখ্যা ৷ চীনত নতুনকৈ এতিয়া কৰ’ণাৰ উপ প্ৰজাতি বিএফ-৭ৰ সন্ত্ৰাস ৷
এতিয়া চীনৰ চিকিৎসালয় সমূহত বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ আইচিইউবোৰত ভৰি পৰিছে কৰ’ণা ৰোগীৰে । চীনৰ শ্মশান সমূহত মৃতদেহ সৎকাৰৰ কৰিবলৈ ভিৰ কৰিছে মৃতকৰ আত্মীয়ই ৷ চিকিৎসালয় সমান্তৰালকৈ এতিয়া চীনৰ শ্মশান সমূহত ভিৰ পৰিলক্ষিত হৈছে ৷
চীনৰ সমান্তৰালকৈ বিশ্ব বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ ইউৰোপৰ দেশ সমূহতো এতিয়া দেখিবলৈ পোৱা গৈছে কৰ’ণাৰ নতুন উপ-প্ৰজাতি বিএফ-৭ৰ সংক্ৰমণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কৰ’ণা সংক্ৰমণৰ ৫ শতাংশ কৰ’ণাৰ নতুন উপ-প্ৰজাতি বিএফ-৭ৰ দ্বাৰা সংক্ৰমিত হৈছে। ব্ৰিটেইনৰ মুঠ সংক্ৰমণৰ ৭.২৬ শতাংশ সংক্ৰমিত হৈছে বিএফ-৭ৰ দ্বাৰা ।
ইয়াৰ পিছতে সমগ্ৰ বিশ্বকে সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ চীন প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিভাগৰ বিষয়া মাইক ৰিয়ানে কয় যে ,‘‘চীনে দাবী কৰিছে যে আইচিইউত ভৰ্তীৰ সংখ্যা অতি কম ৷ কিন্তু বাস্তৱত চিকিৎসালয় সমূহত আইচিইউবোৰত কভিড ৰোগীৰে ভৰি আছে ৷ তেওঁলোকে কৰ’ণা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷’’