ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইঞ্চত হোৱা চাইবাৰ আক্ৰমণৰ আঁৰত আছে চীনা হেকাৰ ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে এই কথা ৷ চীনা হেকাৰে এইমছৰ পাঁচটা চাৰ্ভাৰ হেক কৰিছিল ৷ ইতিমধ্যে চীনা হেকাৰে হেক কৰা পাঁচটা চাৰ্ভাৰৰ তথ্য পুনৰ উদ্ধাৰ কৰা হৈছে ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে , “দিল্লীৰ এইমছৰ চাৰ্ভাৰত হোৱা আক্ৰমণৰ আঁৰত চীনা হেকাৰৰ হাত আছে।এই চাইবাৰ আক্ৰমণটো চীনৰ পৰা কৰা হৈছিল ৷ হেকাৰ সকলে ১০০ টা চৰ্ভাৰৰ ভিতৰত ৫ টাত প্ৰৱেশ কৰিছিল ৷ সেই পাঁচটা চাৰ্ভাৰৰ তথ্য পুনৰ উদ্ধাৰ কৰা হৈছে। ”
২৩ নৱেম্বৰত, ৰেনছমৱেৰ আক্ৰমণৰ ফলত দিল্লী এইমছৰ কেইবাটাও চাৰ্ভাৰ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ঠিক পিছতে, এইমছৰ চাৰ্ভাৰত চাইবাৰ নিৰাপত্তাৰ দায়িত্বত থকা দুজন বিশ্লেষকক বৰ্খাস্ত কৰা হৈছিল ।
দাবী কৰা হৈছিল যে হেকাৰসকলে এএমএছৰ চাৰ্ভাৰৰ তথ্যৰ বিনিময়ত ক্ৰিপ্টোকাৰেন্সীত 200 কোটি টকা দাবী কৰিছিল।