ডিজিটেল ডেস্ক,Anews24×7: হিন্দী ছবি জগতত জিলিকিছে অসম সন্তান। গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও বেল্ডংপাৰাৰ যুৱক চিন্ময় ৰাভা। চিন্ময় ৰাভা বৰ্তমান চৰ্চিত হৈ পৰিছে হিন্দী চিনেমা জগতত।
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চিন্ময় ৰাভা। অসমীয়া চিনেমাত আৰু গানৰ ভিডিঅ’ ত কেমেৰা পাৰ্চন হিচাপে কাম কৰে চিন্ময় ৰাভাই। বলিউডৰ চিনেমাত কাম কৰাৰ সুযোগ পোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে চিন্ময় ৰাভা।
বৰ্তমান অসমত চিত্রগ্রহণ কাম চলি থকা ‘ইমাৰজেঞ্চী’ নামৰ চিনেমাখনৰ সহযোগী কেমেৰা পাৰ্চনৰ দায়িত্ব লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে চিন্ময় ৰাভা।
