ডিজিটেল ডেস্ক, A NEWS 24×7 : বিপদসীমা অতিক্ৰম গুৱাহাটীৰ প্ৰদূষণৰ মাত্ৰা। মহানগৰবাসীলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সতৰ্কবাণী । মাস্ক পৰাধান নকৰাকৈ ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ।
কৰ্কটৰোগী, হৃদৰোগীসকলক পৰাপক্ষত ঘৰতে থাকিবলৈ আহ্বান ।
বায়ুৰ গুণাগুণ সূচকাংকৰ তথ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। নাগৰিকে শনিবাৰ আৰু দেওবাৰে মাঘ বিহু উদযাপন কৰাৰ পাছতেই গুৱাহাটীত হ্ৰাস পাইছে বায়ুৰ গুণাগুণ সূচকাংক।
যোৱা ২৪ ঘণ্টাত বায়ুৰ গুণাগুণ সূচকাংক সৰ্বাধিক নিম্ন নথিভুক্ত হৈছে । নিশা ১২:২৬ বজাত বায়ুৰ গুণাগুণ সূচকাংক ৩৯৬ লৈ হ্ৰাস পাইছে।
বায়ুৰ গুণাগুণ সূচকাংক ৩৯৬ অনুসৰি ‘অস্বাস্থ্যকৰ’ শ্ৰেণীত থকা বুলি গণ্য কৰা হয় । অতি নিম্ন বায়ুৰ সূচকাংকৰ ক্ষেত্ৰত বাহিৰলৈ ওলাই যোৱাৰ লোকসকলৰ বাবে ক্ষতিকাৰক।