ডিজিটেল ডেস্ক, ANEWS24x7: শনিবাৰে পঞ্জাৱৰ ফৰিদাকোটত উতপ্ত পৰিস্থিতি ৷ ফৰিদাকোট গুৰুদ্বাৰ চাহেবৰ ভিতৰত দুইফৈদৰ মাজত সৃষ্টি হয় ভয়ংকৰ সংঘৰ্ষৰ ৷ গুৰুদ্বাৰ নেতৃত্বকলৈ সৃষ্টি হয় এই সংঘৰ্ষৰ ৷ গুৰুদ্বাৰ চাহাবৰ বৰ্তমানৰ কমিটী আৰু পূৰ্বৰ কমিটীৰ সদস্য সকলৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷
প্ৰথম অৱস্থাত ফৰিদকোটত গুৰুদ্বাৰা চাহেবৰ মুৰব্বী সন্দৰ্ভত দুয়োটা গোটৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। পৰবৱৰ্তী সময়ত এই বিতৰ্কই সংঘৰ্ষৰ ৰূপ ধাৰণ কৰে ৷
দুই ফইদৰ মাজত হোৱা এই সংঘৰ্ষই চৰম সীমা অতিক্ৰম কৰে যে গুৰু গ্ৰন্থ চাহেবৰ সান্নিধ্যত গুৰুদ্বাৰ চাহাবৰ মৰ্যাদাক উলংঘা কৰি দুয়োটা দলে ইজনে সিজনক কৃপাণেৰে আক্ৰমণ কৰে।ই আক্ৰমণত এগৰাকী মহিলা ভক্ত আহত হোৱাৰো খবৰ আহিছে।
সম্প্ৰতি এই সংঘৰ্ষৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ সমাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে ধিক্কাৰ দিছে ৷