উজ্জ্বল জ্যোতি ডেকা, মঙ্গলদৈ: মঙ্গলদৈ নগবাহীত মুখ্য মন্ত্ৰীৰ লগত যোৱা ভি আই পি বাহনৰ দুৰ্ঘটনা।
আজি মুখ্য মন্ত্ৰী ওদালগুৰি ভ্ৰমণৰ সময়তে মঙ্গলদৈ থানাৰ অন্তৰ্গত নগৰবাহীত কৌতুক শিল্পী বুলবুল হুছেইনে গামোচা পিন্ধাব খোজোঁতে মুখ্য মন্ত্ৰীৰ বাহন বুলবুল হুছেইনৰ ঘৰৰ সন্মুখত হঠাতে ৰখাই দিয়াত পিছফালৰ পৰা আহি থকা বাহনে এখন ভি আই পি বাহনত খুন্দা মাৰে আৰু ভি আই পি বাহন খনৰ সন্মুখ ভাগ সম্পূৰ্ণ ৰূপে ভাঙি যায়।
দুৰ্ঘটনা টোত বাহনৰ যাত্ৰী সকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাই।
ঘটনা স্থলীত ইতিমধ্যে জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
ভি আই পি বাহন খনৰ নম্বৰ AS01GA5581
