Tuesday, March 10, 2026
Homeঅসমপাকিস্তানত ১০ দিন আছিল গৌৰৱ গগৈ

পাকিস্তানত ১০ দিন আছিল গৌৰৱ গগৈ

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসভা ভৱনত সম্বোধন কৰিছে বিশেষ সংবাদমেল। সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত তথ্য সহকাৰে প্ৰকাশ কৰিছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য।

“মই এই বিষয়ত তৰুণ গগৈক টানি আনিব নিবিচাৰো। তৰুণ গগৈ জীয়াই থকা হ’লে তেওঁ দুখ পালেহেঁতেন। মই গৌৰৱ গগৈক ১০ দিনৰ সময় দিছোঁ। ১০ দিনত গৌৰৱ গগৈয়ে উত্তৰ দিয়ক। উত্তৰ নিদিলে আমি এয়া দেশদ্ৰোহ বুলি ভাবিবলৈ বাধ্য হ’ম। এলিজাবেথৰ ভিছা বাতিলৰ আবেদন জনাব ৰাজ্য চৰকাৰে।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মোদী শাসনলৈ অহাৰ পাছত আলী তৌকীৰ ভাৰতলৈ নহা হ’ল। অ’তদিনে গৌৰৱক জেৰা কৰা হোৱা নাছিল, কিন্তু এতিয়া গৌৰৱকো জেৰা কৰিব লাগিব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। পৰ্যায়ক্ৰমে গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, “অসম আৰক্ষীয়ে ভাল কাম কৰিছে”। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাহুল-প্ৰিয়ংকাক ৰাজীৱ গান্ধীয়ে ভাৰতীয় নাগৰিক কৰি ৰাখিছিল, কিন্তু গৌৰৱ গগৈয়ে ৩বাৰ সাংসদ হোৱাৰ পাছতো নিজ সন্তানক ব্ৰিটিছ নাগৰিক কৰি ৰাখিলে।

“সাংসদ গৌৰৱে নিজৰ সন্তানৰ ভাৰতীয় পাছপ’ৰ্ট সমৰ্পণ কৰিছিল। গৌৰৱ গগৈয়ে নিজে পাছপ’ৰ্ট অফিচলৈ গৈ জমা দিছিল পাছপ’ৰ্টখন। গৌৰৱৰ পুত্ৰ কবিৰ গগৈ ভাৰতীয় পাছপ’ৰ্টত ধৰ্ম হিন্দু আছিল। এতিয়া পাছপ’ৰ্টত ধৰ্মৰ কোনো উল্লেখ নাই। গৌৰৱৰ কন্যা মায়া গগৈ আৰম্ভণিৰ পৰাই ব্ৰিটিছ নাগৰিক। মায়া গগৈৰ ধৰ্ম খ্ৰীষ্টান বুলি উল্লেখ পাছপ’ৰ্টত। ২০২২ চনৰ ২৪ মে’লৈকে কবিৰ গগৈৰ ধৰ্ম আছিল হিন্দু। গৌৰৱৰ পৰিয়ালৰ ৪জনৰ ৩জনেই ব্ৰিটিছ নাগৰিক। দুজন খ্ৰীষ্টান, এজনৰ ধৰ্ম উল্লেখ নাই আৰু এজন হিন্দু।”

“গৌৰৱ গগৈয়ে পাকিস্তানত থকা সময়ৰ সকলো তথ্য জনাব লাগিব। সকলো ফটো প্ৰতিদিনৰ কাম-কাজৰ তথ্য দিব লাগিব। কোনো সাংসদে যুৱক-যুৱতীক পাক দূতাবাসলৈ নিয়ে নেকি? আমি ভাবিবলৈ বাধ্য হৈছো, গৌৰৱে পাকিস্তানত ১০ দিনৰ প্ৰশিক্ষণ লৈছিল।”

“পাকিস্তানৰ পৰা অহাৰ পাছত গৌৰৱ গগৈ সাংসদ হৈছিল। গৌৰৱ গগৈয়ে সংসদত সামৰিক প্ৰস্তুতিক লৈ প্ৰশ্ন সোধে। গৌৰৱৰ এই প্ৰশ্নসমূহ সন্দেহজনক। নিউক্লিয়াৰ পাৱাৰ প্লেন ক’ত আছে বুলিও প্ৰশ্ন কৰে গৌৰৱে। ইউৰেনিয়াম খনি ক’ত ক’ত আছে, সংসদত প্ৰশ্ন কৰে গৌৰৱে। অসমৰ সাংসদ গৌৰৱৰ পাকিস্তানৰ সীমান্তক লৈ প্ৰশ্ন কৰে সংসদত। সামৰিকভাৱে স্পৰ্শকাতৰ প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে”

“পাকিস্তানৰ গৃহমন্ত্ৰালয়ৰ সৈতে গৌৰৱৰ সুসম্পৰ্ক আছিল। গৌৰৱ গগৈ পাকিস্তানত ১০ দিন আছিল। জিণ্টু গগৈক হত্যা কৰা পাকিস্তানে কিয় গৌৰৱ গগৈক ৰঙা দলিচা পাৰি দিছিল? আমি এলিজাবেথ ক’লবাৰ্ণক জেৰা কৰিছিলোঁ। গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল কাক লগ পাইছিল সুধিছিলোঁ। এলিজাবেথে আমাক কোনো উত্তৰ দিয়া নাছিল।”

“পাকিস্তান ভ্ৰমণৰ সময়ত গৌৰৱ সাংসদ হোৱা নাছিল। এই পত্ৰখনে প্ৰমাণ কৰে গৌৰৱ পাকিস্তানলৈ সাধাৰণ নাগৰিক হিচাপে গৈছিল। ইছলামাবাদ আৰু কৰাছীলৈ তেওঁক কিয় মাতি নিয়া হৈছিল।”

“পাকিস্তান ভ্ৰমণৰ সময়ত গৌৰৱ সম্পূৰ্ণ নীৰৱ আছিল। সামাজিক মাধ্যমতো কোনো ফটো আপলোড কৰা নাছিল। গৌৰৱলৈ পাক ভ্ৰমণৰ ভিছা প্ৰক্ৰিয়া সন্দেহজনক। কোনো দেশে সমগ্ৰ দেশখনৰ বাবে ভিছা নিদিয়ে। নিৰ্দিষ্ট ঠাইৰ উল্লেখ কৰিহে ভিছা প্ৰদান কৰা হয়। গৌৰৱক কেৱল লাহোৰ ভ্ৰমণৰ বাবে ভিছা প্ৰদান কৰা হৈছিল। কিন্তু পাকিস্তানৰ গৃহমন্ত্ৰীয়ে ইছলামবাদ আৰু কৰাছী ভ্ৰমণৰ অনুমতি দিছিল। এই অনুমতি সন্দেহজনক আৰু উদেশ্যপ্ৰণোদিত।”

“গৌৰৱে পাকিস্তান ভ্ৰমণক লৈ কি উত্তৰ দিছিল? পত্নীক লগ কৰিবলৈ যোৱা বুলি কৈছিল গৌৰৱ গগৈয়ে। কিন্তু সেই সময়ত এলিজাবেথ দিল্লীতে কৰ্মৰত আছিল। গৌৰৱেও আট্টাৰী সীমান্তৰে গৈছিল পাকিস্তানলৈ। সেই সময়ত তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। গৌৰৱৰ পাক ভ্ৰমণক লৈ অৱগত নাছিল অসম আৰক্ষী।”

“বিয়াৰ পাছত ৯বাৰ পাকিস্তানলৈ গৈছিল এলিজাবেথ। প্ৰতিবাৰেই আট্টাৰী সীমান্তৰে গৈছিল এলিজাবেথ। বিয়াৰ আগত ৩বাৰ পাকিস্তানলৈ গৈছিল এলিজাবেথ। লীড ইণ্ডিয়াত থাকোঁতে ৬বাৰ পাকিস্তানলৈ গৈছিল এলিজাবেথ।”

“মোদী চৰকাৰ অহাৰ লগে লগে এলিজাবেথে পাকিস্তানলৈ ৰিপ’ৰ্ট দিছিল। NO RISK NO VISIBILITY কৌশল গ্ৰহণৰ পৰামৰ্শ দিছিল এলিজাবেথে।”

“পাকিস্তানৰ দৰমহা খায় গৌৰৱ পত্নী এলিজাবেথ ক’লবাৰ্ণে। লীড পাকিস্তানে ধন দিয়ে লীড ইণ্ডিয়াক। লীড ইণ্ডিয়াই দৰমহা দিয়ে গৌৰৱ পত্নীক। ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত গৌৰৱ-এলিজাবেথৰ বিবাহ হৈছিল। মুঠ ৯১.২৭ লাখ টকা পাইছিল লীড ইণ্ডিয়াই। ইয়াৰে ৮২.৪১ লাখ টকা কেৱল এলিজাবেথৰ দৰমহা আছিল।”

“শত্ৰুৰাষ্ট্ৰৰ পৰা ধন লোৱা ভাৰতত নিষিদ্ধ। পাকিস্তানী NGOই ভাৰতৰ NGOক ধন দিব নোৱাৰে। UPA চৰকাৰে একমাত্ৰ লীড পাকিস্তানক ধন দিয়াৰ অনুমতি দিছিল। এলিজাবেথৰ দৰমহা দিবলৈ লীড পাকিস্তানে ধন দিছিল।”

“আলী তৌকিৰ আৰু ভাৱনা লুথৰাৰ মাজত চুক্তি হৈছিল। সেইমতে এলিজাবেথক ভাৰতৰ বিভিন্ন কামত নিয়োগ কৰা হৈছিল। এলিজাবেথে দিল্লীৰ পৰা বহুবাৰ ইছলামাবাদ হৈছিল। এলিজাবেথৰ পাকিস্তান ভ্ৰমণৰ খৰচ বহন কৰিছিল লীড পাকিস্তানে। ২.৫ লাখ টকা দৰমহা পাইছিল এলিজাবেথে। কিন্তু এলিজাবেথৰ মুৰব্বী ভাবনা লুথৰাই পাইছিল মাত্ৰ ৫০ হাজাৰ টকা।”

“এলিজাবেথৰ এপইণ্টমেণ্ট লেটাৰখনো আমোদজনক। দিল্লীত নিযুক্তিৰ এবছৰ পাছত যোগদানৰ তাৰিখ দিছিল এলিজাবেথক। এই এবছৰত এলিজাবেথক প্ৰশিক্ষণ দিছিল আলী তৌকিৰে।”

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments