জুবিনক লৈ মই ৰাজনীতি নকৰোঁ। কংগ্ৰেছে জুবিনক লৈ ৰাজনীতি কৰি আছে। জুবিনক শান্তিত, নীৰৱে থাকিবলৈ দিয়ক। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘জুবিনে কৈছিল পলিটিক্স নকৰিবা বন্ধু। মই গৌৰৱ গগৈ, ৰকিবুল হুছেইনক কৈছো, জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু। কংগ্ৰেছে জুবিনক টানি আনি ভুল কৰিছে। বিষয়টো ন্যায়ালয়ত আছে, ফাষ্টট্ৰেক আদালতে কাম কৰি আছে। নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ কথা আনি কংগ্ৰেছে পাপ কৰিছে।’’
কংগ্ৰেছৰ নেতাসকল ভূপেন হাজৰিকাৰ সমাধিলৈ কিয় নাযায় বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘জুবিনৰ সমাধিলৈ যোৱাটো কংগ্ৰেছৰ ৰাজনীতি। ইনক্লুছিভ মাইণ্ডে জুবিনৰ ইছ্যুটো বেছি আনিবলৈ কৈছিল। ষ্টাৰবাক্সত মিটিং পাতি এই আলোচনা কৰিছিল ইনক্লুছিভ মাইণ্ডে। তেওঁলোকৰ মানুহেই সেই ভিডিঅ’ কৰি আমাক দিছিল। মই মুখ্যমন্ত্ৰী হ’লে আটাইকেইটা গ্ৰেপ্তাৰ কৰিম।’
মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত জুবিন গাৰ্গৰ সমাধিত যাম।
