Wednesday, April 1, 2026
Homeঅসমছমাহত কোনো কাৰণতেই নিৰ্মাণ কৰিব নোৱাৰি জুবিনৰ সমাধিক্ষেত্ৰ

ছমাহত কোনো কাৰণতেই নিৰ্মাণ কৰিব নোৱাৰি জুবিনৰ সমাধিক্ষেত্ৰ

জুবিন গাৰ্গৰ সমাধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ড০ ভূপেন হাজৰিকাৰ সমাধি নিৰ্মাণ কৰোতে ৪ বছৰ লাগিছিল। এচাম আছে পলিটিকেল জুবিন প্ৰেমী। আন এচাম অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে ধুনীয়াকৈ সমাধি নিৰ্মাণ হোৱাটো বিচাৰে। ডুপ্লিকেট জুবিন প্ৰেমীয়ে সমাধি নিৰ্মাণক লৈ ৰাজনীতি কৰিব বিচাৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ছমাহত কোনো কাৰণতেই নিৰ্মাণ কৰিব নোৱাৰি জুবিনৰ সমাধিক্ষেত্ৰ। সেয়া কংগ্ৰেছৰ দিনৰ অংগনৱাড়ী কেন্দ্ৰৰ দৰে হ’ব।’’উল্লেখযোগ্য যে জুবিনক্ষেত্ৰ নিৰ্মাণক লৈ বিভিন্নজনে সামাজিক মাধ্যমত ভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰা দেখা গৈছিল। জুবিনক্ষেত্ৰ নিৰ্মাণক লৈ চৰকাৰৰ সদিচ্ছা নাই বুলিও একাংশই অভিযোগ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments