Tuesday, July 8, 2025
HomeঅসমADRE পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা!

ADRE পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা!

ডিজিটেল ডেস্ক, ১১জুলাইঃ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নহয় তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ আৰ্হিতেই অনুষ্ঠিত হ’ব ADRE পৰীক্ষা। পৰীক্ষালৈ দুমাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষা পদ্ধতি। এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নিশা এক ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে বিবেচনা কৰা হ’ব। ভিন্নজনৰ পৰামৰ্শ বিবেচনা কৰিহে লোৱা হ’ব সিদ্ধান্ত।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “লাও যেনেকৈ পাতৰ তলত, চৰকাৰ সদায় ৰাইজৰ তলত। ৩০ নৱেম্বৰৰ ভিতৰত দিয়া হ’ব আনন্দৰাম বৰুৱা বঁটা। ৩০ নৱেম্বৰৰ ভিতৰত HSত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটী। উচ্চতৰ মাধ্যমিকত ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰয়ো পাব স্কুটী”

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমত আন এক পোষ্টযোগে কয়, “ADRE পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম।”

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল। কিয়নো পৰীক্ষালৈ মাত্ৰ দুমাহ থকা অৱস্থাত পৰীক্ষাৰ আৰ্হি সলনি হোৱাৰ কথাই বিমূৰত পেলাইছিল প্ৰাৰ্থীসকলক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments