ডিজিটেল ডেস্ক, ANEWS24X7: অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ৰাজ্যৰ জনকল্যাণ বাবে বৰ্তমানে চলি থকা আৰু ভৱিষ্যত পৰিকল্পনা আঁচনি , আইন-শৃংখলা ব্যৱস্থাৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷
আজিৰ বৈঠকত মিছন বসুন্ধৰা-২ , মিছন ভূমিপুত্ৰ , ২৪ নৱেম্বৰত আয়োজন কৰা লাচিত দিৱসৰ আয়োজন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ইয়াৰ ওপৰিও আগন্তুক দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷
এই বৈঠকতে লাচিত দিৱস উপলক্ষে এক পৰ্টেল মুকলি কৰা হয় ৷ এই পৰ্টেলটোৰ জৰিয়তে লাচিত দিৱস উপলক্ষে শৈক্ষিক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব ৷ শৈক্ষিক প্ৰতিযোগিতাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ উপায়ুক্ত সকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত বৈঠকত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তকে আদি কৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ৷