Wednesday, March 11, 2026
Homeঅসমআছাৰ সভাপতি প্ৰদীপ নাগৰ প্ৰতিমূৰ্তি দাহ কৰা ঘটনাক গৰিহণা

আছাৰ সভাপতি প্ৰদীপ নাগৰ প্ৰতিমূৰ্তি দাহ কৰা ঘটনাক গৰিহণা

ডিজিটেল ডেস্ক, ২১মাৰ্চ : কৰ্মকাৰ সমাজে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি প্ৰদীপ নাগৰ প্ৰতিমূৰ্তি দাহ কৰা ঘটনাক সংগঠনটোৰ উপ সভাপতিদ্বয় দেবেন উৰাং ৰেজান হৰ আৰু যুটীয়া সম্পাদক ৰাজা কুজুৰে তীব্ৰ গৰিহণা দিছে ৷ এক প্ৰেছ বিবৃতি যোগে নেতাত্ৰয়ে উল্লেখ কৰা মতে আছা ৰ সভাপতি প্ৰদীপ নাগে ডিব্ৰুগড়ৰ এক সভাত বিভক্ত হৈ কৰ্মকাৰ, কামাৰ ,লহৰা আদি উপাধি লিখা সকলক একগোট হৈ ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া (RGI)ত লিপিবদ্ধ হোৱা উপাধি লহৰা লিখাৰ আহ্বান জনাইছিল কাৰণ লহৰা লিখিলে জনজাতি লাভ কৰাৰ সম্ভাৱনা আছে ৷

কৰ্মকাৰ লিখিলে জাতিগত প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা বা উচ্চ শিক্ষাৰ বাবে আবেদন কৰা সময়ত খেলি মেলি হয় বুলি উল্লেখ কৰাটো সত্য ৷ তেখেতে ভাষণত উল্লেখ কৰিছিল কৰ্মকাৰ উপাধি বাঙালী সকলো লিখে ৷ কিন্তু তেখেত বাঙালী বা বাংলাদেশী বুলি কেতিয়াও কোৱা নাই বুলি নেতাত্ৰয়ে স্পষ্ট কৰে৷

আছাৰ সভাপতিয়ে কৰ্মকাৰ সমাজক বাংলাদেশী বুলি কৈছে যদি প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনাইছে আছা ই ৷ লহৰা সকল আদিবাসী সমাজৰ অবিচ্ছেদ্য অংগ তেখেত সকলৰ লগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কোনোধৰণৰ সংঘাত নাই আৰু ভৱিষ্যতেও নহ’ব ৷গতিকে কোনোধৰণৰ সংঘাত বা বিভ্ৰান্তি সৃষ্টি নকৰি লহৰা কৰ্মকাৰ সমাজক আহ্বান জনাই ৷

আছাৰ সভাপতি প্ৰদীপ নাগে অসমৰ বিভিন্ন সমাজক একগোট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে সেইয়া সৰ্বজন বিধিত ৷ আজি প্ৰদীপ নাগৰ কাৰণে উৰাং ,মুণ্ডা, চাওতাল , খাৰিয়া ,চাওৰা ,চৱৰ ,পানিকা ,গড় ,কল ,ভীল কয়া ইত্যাদি জাতি সমাজক অসমত আদিবাসী হিচাপে পৰিচয় লাভ কৰিছে ৷ প্ৰতিমূৰ্তি দা কৰা ঘটনাৰ উচটনি দিয়া ব্যক্তি সকলক এনে ধৰণৰ উচটনি দিয়াৰ পৰা বিৰত থাকিবলৈ নেতাত্ৰয়ে সকীয়াই দিছে অন্যথাই আছাই তেওঁলোকৰ উপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি নেতাত্ৰয়ে সকীয়াই দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments