বৰলাইপুলি, ১৩মে’: সদৌ তাই আহোম ছাত্ৰ সন্থা,আটাছু বৰলাইপুলি আঞ্চলিক সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান লাইপুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত ১২ মে ২০২৫ তাৰিখ সোমবাৰে অনুষ্ঠিত হৈ যায়।উক্ত অনুষ্ঠানত সদ্যঘোষিত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা বৰলাইপুলি অঞ্চলৰ ২৫ গৰাকী কৃতী ছাত্ৰ/ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়।
অভিনন্দন অনুষ্ঠান খনি আঁত ধৰে বৰলাইপুলি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি চাও তীৰ্থ বুঢ়াগোহাঁই ডাঙৰীয়াই,পৰিচালনা কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহ সম্পাদক চাও কৃষ্ণকান্ত গগৈ ডাঙৰীয়াই,নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ চাও ৰঞ্জন কলিতা ডাঙৰীয়া,মুখ্য অতিথি ৰূপে সদৌ অসম আহোম সভাৰ সন্মানীয় সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোঁৱৰ ডাঙৰীয়া উপস্থিত থাকে,সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ সুৰজিৎ শইকীয়া ডাঙৰীয়া,বিশিষ্ট অতিথি তিনিচুকীয়া জিলা তাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় কাৰ্যকৰী সভাপতি চাও ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া,সাধাৰণ সম্পাদক চাও সৌমাৰজিৎ কোঁৱৰ ডাঙৰীয়াৰ লগতে আৰু বহুকেইজন বিশিষ্ট ব্যক্তি।
বৰলাইপুলি আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ চাও পূৰ্ণম বৰুৱাই আগবঢ়োৱা শলাগৰ শৰাইয়ে অভিনন্দন অনুষ্ঠানৰ সামৰণি পৰে।