দেওবাৰে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলিয়াবৰত অনুষ্ঠিত বিশাল জনসভাত দুখন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে ডিব্ৰুগড়-গোমতী নগৰ অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ লগতে কামাখ্যা-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছৰো ফ্লেগ অফ কৰে।
অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ প্ৰণাম প্ৰধানমন্ত্ৰীৰ। দূৰ-দূৰণিৰ পৰা অহা জনতাক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘‘পুনৰ কাজিৰঙালৈ অহাৰ মোৰ সৌভাগ্য হ’ল।’’ পূৰ্বৰ কাজিৰঙা ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি মোদীয়ে কয়, ‘‘কাজিৰঙাত অতিবাহিত কৰা ক্ষণ অন্যতম স্মৰণীয়। অসমলৈ আহি মই বিশেষ আনন্দ লাভ কৰোঁ। অসমৰ ভূমি বীৰৰ ভূমি। কালি বাগুৰুমবাৰ এক নতুন অভিলেখ গঢ়িলে বড়ো জীয়ৰীয়ে। খামৰ চেও, চিফুঙৰ সুৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে। বাগুৰুমবাৰ সুখানুভূতি চকুৰে হৃদয়ত প্ৰৱেশ কৰিলে।’’
মোদীয়ে লগতে কয়, ‘‘এমাহ পূৰ্বে বিকাশৰ পৰিকল্পনা লৈ মই অসমলৈ আহিছিলোঁ।’’ প্ৰধানমন্ত্ৰীৰ বিশেষ ছবি নিৰ্মাণ কৰা শিল্পীক যাচিলে ধন্যবাদ। প্লাষ্টিক বটলেৰে সজা প্ৰতিচ্ছবিখন সংগ্ৰহ কৰিব বুলি ঘোষণা কৰে প্রধানমন্ত্ৰীয়ে। জাগুনৰ শিল্পী বিকাশ শৰ্মাক এই ছবি নিৰ্মাণৰ বাবে প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ।
‘‘কলিয়াবৰতে লাচিতে মোগলক খেদাৰ ৰণনীতি প্ৰস্তুত কৰিছিল। আহোমৰ দিনৰ পৰাই কলিয়াবৰ ৰণনীতিৰ দিশত গুৰুত্বপূৰ্ণ আছিল।’’ ‘‘বিহাৰত ২০ বছৰ শাসনত থকাৰ পাছতো জনতাই আস্থাত লৈছে। মহাৰাষ্ট্ৰত পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। BMCত প্ৰথমবাৰলৈ হ’ব বিজেপিৰ মেয়ৰ। মুম্বাইত জনতাই অভিলেখ হাৰত ভোট দিলে বিজেপিক। জয় মুম্বাইত হৈছে, বিজয়োৎসৱ হৈছে কাজিৰঙাত। কেৰালাৰ জনতায়ো বিজেপিক সমৰ্থন জনাইছে। তিৰুৱনন্তপুৰমত প্ৰথমবাৰৰ বাবে হৈছে বিজেপি মেয়ৰ। দেশৰ ভোটাৰে সু-শাসন আৰু উন্নয়ন বিচাৰে। উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে গুৰুত্ব দিয়ে ভোটাৰে।’’
‘‘কংগ্ৰেছৰ নেতিবাচক ৰাজনীতিক দেশবাসীয়ে বিচৰা নাই। জন্মস্থান মুম্বাইতে কংগ্ৰেছক জনতাই অস্বীকাৰ কৰিছে। কংগ্ৰেছে দেশৰে ভাৰসা হেৰুৱাই পেলালে। উন্নয়নৰ কোনো এজেণ্ডা নাই কংগ্ৰেছৰ।’’
সুধাকণ্ঠৰ গীতেৰ কাজিৰঙাৰ নৈসৰ্গিকতাক বৰ্ণনা মোদীৰ। মোদীয়ে কয়, ‘‘কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, অসমৰ আত্মা কাজিৰঙা। ভাৰতৰ জৈৱ-বৈচিত্ৰ্যৰ অমূল্য ৰত্ন কাজিৰঙা।
কাজিৰঙাৰ বন্য সুৰক্ষা অসমৰ ভৱিষ্যতৰ প্ৰতি দায়িত্ব। কাজিৰঙাৰ গুৰুত্ব বুজিয়েই নতুন প্ৰকল্পৰ আৰম্ভ হৈছে।’’ এই প্ৰকল্পৰ বাবেই ৰাজ্যবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ। তেওঁ কয়, ‘‘এশিঙীয়া গঁড়ৰ ৰম্যভূমি হিচাপে বিখ্যাত কাজিৰঙা। বাৰিষা কালত প্ৰত্যাহ্বানৰ সন্মুখীন হয় কাজিৰঙা বন্যপ্ৰাণী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিয়ে সমস্যাত পেলায় বন্যপ্ৰাণীক। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলগীয়া হয় বন্যপ্ৰাণী। প্ৰায় ৯০ কিঃমিঃ দৈৰ্ঘৰ এলিভেটেড কৰিড’ৰ হ’ব কাজিৰঙাত। এলিভেটেড কৰিড’ৰে সুৰক্ষা প্ৰদান কৰিব বন্যপ্ৰাণীক। গঁড়-হাতী সকলো বন্যপ্ৰাণীকে সুৰক্ষা দিব এলিভেটেড কৰিড’ৰে। উজনি আৰু অৰুণাচলৰ যাতায়াত উন্নত কৰিব কৰিড’ৰে। প্ৰকৃতিৰ সুৰক্ষাই সুযোগৰো সৃষ্টি কৰে। কাজিৰঙাত পৰ্যটকৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাইছে। কাজিৰঙাত এটা সময়ত গঁড়ৰ চিকাৰ ব্যাপক বৃদ্ধি পাইছিল। ২০১৪ৰ পূৰ্বে গঁড়ৰ চিকাৰ অধিক হৈছিল। বিজেপি চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ লক্ষ্য লৈছিল। বন বিভাগক আধুনিকীকৰণত গুৰুত্ব দিছে বন বিভাগে। ২০২৫ত এটাও গঁড়ৰ চিকাৰ হোৱা নাই। এয়া বিজেপি চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে সম্ভৱ। অসমৰ জনতাও ইয়াৰ বাবে কৃতিত্বৰ দাবীদাৰ। ২০১৪ৰ পাছত দেশত বৃদ্ধি পাইছে চিতাবাঘ। ডাবল ইঞ্জিনৰ চৰকাৰে উত্তৰ-পূবৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছে। কংগ্ৰেছৰ দিনত অসমৰ ৰে’ল বাজেট অতি কম আছিল। মাত্ৰ ২ হাজাৰ কোটি টকাৰ ৰে’ল বাজেট আছিল কংগ্ৰেছৰ দিনত। বিজেপিৰ দিনত ১০ হাজাৰ কোটিলৈ বৃদ্ধি অসমৰ ৰে’ল বাজেট। কংগ্ৰেছৰ তুলনাত ৫ গুণ অধিক টকা অসমক দিছে বিজেপিয়ে। এই বাজেটৰ ফলত আন্তঃগাঁথনি উন্নত হৈছে অসমৰ।