Friday, November 8, 2024
Homeৰাজনৈতিককংগ্ৰেছৰ সভাপতি নিৰ্বাচন ! কোনো কেনে দাখিল কৰিলে মনোনয়ন পত্ৰ ?

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন ! কোনো কেনে দাখিল কৰিলে মনোনয়ন পত্ৰ ?

ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছৰ পৰবৰ্তী সভাপতি কোন হ’ব ? এইটো এতিয়া দেশৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত বিষয় । কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ অন্তিম দিনটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ শশী থাৰুৰে মনোনয়ন পত্ৰ দাখিল কৰে ।

শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।সম্ভাৱ্য প্ৰতিদ্বন্দী মল্লিকাৰ্জুন খৰ্গেক অভিনন্দন জনায় থাৰুৰে।থাৰুৰে মন্নিকাৰ্জুন খাৰ্গেক উদেশ্যি কয় যে ,‘‘মল্লিকাৰ্জুনজী কংগ্ৰেছৰ ভীষ্ম পিতামহ ।মই তেওঁৰ মনোনয়নক স্বাগতম জনাইছো।দলৰ নিৰ্বাচনৰ বাবে একাধিক প্ৰাৰ্থীৰ প্ৰয়োজন । মই কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ নকৰো । মই শ্ৰমিকসকলক নিৰুৎসাহীত নকৰো।’’

কংগ্ৰেছৰ এক সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ পৰবৰ্তী সভাপতি গৰাকী গান্ধী পৰিয়ালৰ দ্বাৰা অনুমোদিত হ’ব৷ইতিমধ্যে গান্ধী পৰিয়ালৰ অনুগত নেতা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে মল্লিকাৰ্জুন খৰ্গেক সমৰ্থন কৰিছে৷ পূৰ্বে এই দুগৰাকী নেতাক কংগ্ৰেছৰ সভাপতি পদৰ সম্ভাব্য প্ৰাৰ্থী বুলি চৰ্চা লাভ কৰিছিল৷পিছে দুই গৰাকী নেতাই প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে ১৭ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচন।এই নিৰ্বাচনত কংগ্ৰেছৰ ‘জি-২৩’ গোটৰ সদস্য শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাজত প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে৷অৱশ্যে ৮ অক্টোবৰত প্ৰাৰ্থী সকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব৷এই নিৰ্বাচনত ‘জি-২৩’ গোটৰ এজন প্ৰতিনিধি থকাটো নিশ্চিত হৈছে৷এই সন্দৰ্ভত ‘জি-২৩’ গোটৰ নেতা মনীষ তিৱাৰী, ভূপিন্দৰ সিং হুডা আৰু পৃথ্বীৰাজ চৱনে বৃহস্পতিবাৰে দিল্লীত আনন্দ শৰ্মাৰ বাসভৱনত এখন সভা অনুষ্ঠিত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments