ডিজিটেল ডেস্ক, ANEWS24X7: কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৷ ইয়াকে লৈ জল্পনা-কল্পনা বৃদ্ধি ৰাজনৈতিক মহলত । শীঘ্ৰে অনুষ্ঠিত কৰা হ’ব কংগ্ৰেছৰ সভাপতি নিৰ্বাচন । ইতিমধ্যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিছে জাননী । বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাংগঠনিক নিৰ্বাচন সমিতিৰ ভাৰপ্ৰাপ্ত নেতা মধুসূদন মিস্ত্ৰীয়ে বৃহস্পতিবাৰে সভাপতি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে ।
বৃহস্পতিবাৰে দলটোৰ কেন্দ্ৰীয় সাংগঠনিক নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা সময়সূচী অনুসৰি ১৭ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন । ১৯ অক্টোবৰত হ’ব এই নিৰ্বাচনৰ ভোটগণনা । আগ্ৰহী প্ৰার্থী সকলে ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব । মনোনয়ন পত্ৰৰ পৰীক্ষা ১ অক্টোবৰত অনুষ্ঠিত হ’ব । আনহাতে প্ৰাৰ্থী সকলে ৮ ছেপ্টেম্বৰত মনোনয়ন প্ৰতেযাহাৰ কৰিব পাৰিব । এই নিৰ্বাচনৰ ভোটদান দেশৰ প্ৰতিখন ৰাজ্যতে অনুষ্ঠিত কৰা হ’ব ।
কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত ৰাজস্থানৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ‘জি-২৩’ গোটৰ শশী থাৰুৰ মাজত প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে । অশোক গেহলট গান্ধী পৰিয়ালৰ নিষ্ঠাৱান আৰু বিশ্বাসী নেতা বুলি এক বিশেষ পৰিচয় আছে ।
আনহাতে ইউপিএ শাসনকালত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শশী থাৰুৰ কংগ্ৰেছৰ বিদ্ৰোহী নেতা বুলি জনা যায় । লক্ষণীয় কথাটো হ’ল কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ বাবে গুলাম নবী আজাদকে আদি কৰি জি-২৩ গোটৰ কেইবাজনো অসন্তুষ্ট নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে ।
উল্লেখ্য যে কংগ্ৰেছৰ সাগঠনিক নিয়মৰ অনুচ্ছেদ ১৮ অনুসকৰি কোনো প্ৰাৰ্থিক সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে মনোনীত কৰিলে বা এজনতকৈ অধিক প্ৰাৰ্থী নাথাকিলে নিৰ্বাচন প্ৰয়োজন নহ’ব ।