Saturday, July 5, 2025
Homeঅসমনতুন টোলগেটক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

নতুন টোলগেটক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক,  anews24x7:অসমত স্থাপন হ’ব ১৮খন নতুন টোলগেট, যাক লৈ ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিছে তীব্ৰ সমালোচনা ।

অভিযোগ অনুসৰি যদি ১৮খনকৈ নতুন টোলগেট হলে তেন্তে অসমৰ মুঠ টোলগেটৰ সংখ্যা বৃদ্ধি পাব ২৭খনলৈ।উল্লেখ কৰিব পাৰি যে ১৮খনকৈ পৰিকল্পিত নতুন টোলগেটৰ ভিতৰত এইবাৰ দুৰ্গা পূজাৰ সময়ত ৫টা টোলগেট কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (এন এইচ এ আই)ৰ অধীনত বৰ্তমান অসমত মুঠ ৯ টা টোলগেট চলি আছে।অসমৰ বৰ্তমান কাৰ্যক্ষম ৯ টা টোলগেট হ’ল কোকৰাঝাৰ (পাটগাঁও টোলগেট), বঙাইগাঁও (দাহালপাৰা টোলগেট), নলবাৰী (গলিয়া টোলগেট), কামৰূপ (মদানপুৰ টোলগেট), নগাঁও (ৰহা টোলগেট), হোজাই (মিকিৰৰাটি গাঁও টোলগেট), ডিমা হাছাও (মন্দৰদিছা টোলগেট), কামৰূপ-মেট্ৰ’ (নাজিৰাখাট টোলগেট) আৰু কাছাৰ (বালাচেৰা টোলগেট)।অসমৰ লগতে সমগ্ৰ দেশতে টোল টেক্স বৃদ্ধিৰ ওপৰত চলি থকা বিতৰ্কৰ মাজতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।

চলিত বৰ্ষৰ আৰম্ভণিতে সমগ্ৰ দেশতে টোল টেক্স কমেও ১০ শতাংশ বৃদ্ধি কৰা হৈছিল।ৰাজ্যত নতুন টোলগেট খোলাৰ পৰিকল্পনাক সমালোচনা কৰি অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে “অধিক টোলগেটে সাধাৰণ জনতাৰ পিঠি ভাঙিব”।

‘অসমৰ ৭০ শতাংশ জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু দুখীয়া। কেৱল ৰাস্তাৰে যাত্ৰা কৰাৰ বাবে তেওঁলোকে কেনেকৈ ধন দিব?” তেওঁ লগতে কয়, “মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ এই চৰকাৰখনে সাধাৰণ মানুহৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে আৰু কেৱল সাধাৰণ জনতাক লুটপাত কৰি পকেট ভৰোৱাতহে মনোনিৱেশ কৰিছে।”অসমৰ টোলগেট হৈছে সেই চেক পইণ্ট য’ত পথচাৰীয়ে ৰৈ সংশ্লিষ্ট বিষয়াক টোল মাচুল দিব লাগিব।টোল প্লাজাৰ পৰা টোল কৰ সংগ্ৰহ কৰা হয় একমাত্ৰ টোল ৰোড বা টোল ব্ৰীজ বা ঘাইপথৰ ৰক্ষণাবেক্ষণত হোৱা নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ খৰছ আদায় কৰা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments