ডিজিটেল ডেস্ক ANEWS24X7: কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৷ ইয়াকে লৈ এতিয়া উৎকন্ঠা বৃদ্ধি পাইছে কংগ্ৰেছ নেতৃত্বৰ মাজত ৷ ইয়াৰ মাজতে জেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰ সহ ৫ গৰাকী লোকসভা সংসদে উদ্বেগ প্ৰকাশ কৰি আইচিচিৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ মূৰব্বী মধুসূধন মিস্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷
সাংসদ সকলে দলৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিৰপেক্ষ কৰিবৰ বাবে সকলো নিৰ্বাচক আৰু সম্ভাব্য প্রাৰ্থীক ভোটাৰ তালিকা সুৰক্ষিতভাৱে প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে ৷ ইয়াৰ লগতে সভাপতি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা উপলব্ধ কৰিবৰ বাবে আহ্বান জনায় ৷
আইচিচিৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ মূৰব্বী মধুসূধন মিস্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা সাংসদ সকল হ’ল সাংসদ শশী থাৰুৰ, মনীষ তিৱাৰী, কাৰ্তি চিদাম্বৰম, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেক ৷
উল্লেখ্য যে ৰাহুল গান্ধীৰ ‘‘ভাৰত জোৰো’’ যাত্ৰাৰ এদিন পূৰ্বে সংসদ সকলে লিখা এই পত্ৰখনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷