Tuesday, March 10, 2026
Homeৰাজনৈতিকসংবিধানৰ প্ৰস্তাৱনাৰ পৰা পৰিহাৰ কৰা হ’ব নেকি ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ...

সংবিধানৰ প্ৰস্তাৱনাৰ পৰা পৰিহাৰ কৰা হ’ব নেকি ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ দুটা?

 

ডিজিটেল ডেস্ক ANEWS24X7:  বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ আত্মাস্বৰূপ ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই দুটা শব্দ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব নেকি ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চা ৷ কিয়নো এইবাৰ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ দুটা পৰিহাৰ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে ৰাজ্যসভাৰ এজন সাংসদে ৷

ৰাজ্যসভাৰ সংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰিছে এই বিশেষ আবেদনখন ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ এম এম সুন্দৰেশৰে গঠিত খণ্ড বিচাৰপীঠে ইতিমধ্যে গ্ৰহণ কৰিছে এই লেখ আবেদন ৷ অহা ২৩ ছেপ্টেম্বৰৰ পৰা এই আবেদনৰ শুনানী গ্ৰহণ কৰা হ’ব ৷

উল্লেখ্য যে ১৯৫০ চনত ভাৰতীয় সংবিধান গৃহীত কৰাৰ হয়ত সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ দুটা নাছিল ৷ পৰবৰ্তী সময়ত ১৯৭৬ চনত তদানীন্তন দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত সংবিধানৰ ৪২সংখ্যক সংশোধন ঘটাই এই দুটা শব্দ সংযোজন কৰা হৈছিল । সেই সময়ছোৱাত দেশত জুৰুৰীকালীন অৱস্থা চলি আছিল ৷

এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে কয় যে , ‘‘ অবৈধ্য ভাবে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ দুটা সংযোগ কৰা হৈছে ৷ সংবিধানৰ অনুচ্ছেদ ৩৬৮ অনুসৰি জুৰুৰীকালীন পৰিস্থিতিত সংসদে সংবিধান সংশোধন বিধেয়ক গৃহীত কৰিব নোৱাৰে ৷ এনে কৰিলেও সেয়া কেতিয়াও বৈধ নহয় । সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰেও কেতিয়াও এই দুই শব্দ সংবিধানৰ অংশ হোৱাটো বিচৰা নাছিল । এই সংযোজন ফলত নাগৰিকৰ ওপৰৰ এটা বিশেষ ৰাজনৈতিক ধাৰা জাপি দিয়া হয় ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments