Monday, July 7, 2025
Homeঅসমএমাহৰ ভিতৰত গুৱাহাটীত আৰম্ভ হ'ব ৰিং ৰোডৰ নিৰ্মাণ কাম

এমাহৰ ভিতৰত গুৱাহাটীত আৰম্ভ হ’ব ৰিং ৰোডৰ নিৰ্মাণ কাম

ডিজিটেল ডেস্ক, ৫ফেব্ৰুৱাৰী: বহু চৰ্চিত তথা প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য এমাহৰ ভিতৰত আৰম্ভ হ’ব ৷ তিনিদিনীয়া দিল্লীৰ পৰা উভতি আহি এই সু-খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসমত হ’বলগীয়া বহু কেইটা প্ৰকল্পৰ অগ্ৰগতিৰ খবৰো দিলে মুখ্যমন্ত্ৰীয়ে৷

এবছৰ পাছত বুধবাৰে মুখ্যমন্ত্ৰীয়ে দিলে ৰিং ৰোডক লৈ সু-খবৰ— “ইতিমধ্যে সম্পন্ন হৈছে ৰিং ৰোডৰ নিবিদাৰ কাম ৷ পাবলগীয়া কোম্পানীয়ে পালে ৰিং ৰোডৰ কাম ৷ এতিয়া এমাহৰ ভিতৰত আৰম্ভ হ’ব ৰিং ৰোডৰ নিৰ্মাণৰ কাম ৷”

এয়া গুৱাহাটীবাসীৰ বাবেই নহয়, ৰাজ্যবাসীৰ বাবে সুখবৰ ৷ উত্তৰ-পূবৰ ভিতৰত প্ৰথমটো ৰিং ৰোড নিৰ্মাণ হ’ব গুৱাহাটীত ৷ ৰিং ৰোড নিৰ্মাণৰ ফলত হ্ৰাস পাব যানজঁট ৷ হ্ৰাস পাব পৰিবহণৰ সময়৷

ব্ৰহ্মপুত্ৰৰ তলত নুমলীগড়-গহপুৰৰ মাজত নিৰ্মাণ হ’বলগীয়া সুৰংগ নিৰ্মাণৰ অগ্ৰগতিৰ কথা ৷ মুখ্যমন্ত্ৰীয়ে ক’লে- “নুমলীগড় আৰু গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলগীয়া সুৰংগ নিৰ্মাণৰ ফাইলৰ কাম আগবাঢ়িছে ৷ ফাইলটো এতিয়া PIBৰ হাতত ৷ PIBৰ বিষয়াসকলৰ সৈতে মই আলোচনাত মিলিত হ’লো ৷ তেওঁলোকে সোনকালে ফাইলটো দাখিল কৰিব কেন্দ্ৰীয় কেবিনেটত।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments