Tuesday, July 8, 2025
Homeআন্তজাৰ্তিক২০২৩ বৰ্ষত চীনত কৰ’ণাই ল’ব পাৰে ভয়ংকৰ ৰূপ!

২০২৩ বৰ্ষত চীনত কৰ’ণাই ল’ব পাৰে ভয়ংকৰ ৰূপ!

ডিজিটেল ডেস্ক, ANEWS24X7: নতুন বছৰত কৰ’ণাই ল’ব পাৰে ভয়ংকৰ ৰূপ ৷ নতুন বছৰত চীনত কৰ’ণাই ল’ব পাৰে ভয়ংকৰ ৰূপ ৷ ২০২৩ বৰ্ষত কৰ’ণাৰ ফলত চীনত মৃত্যু মুখত পৰিব পাৰে ১০ লাখতকৈ অধিক লোক ৷

নতুন বছৰৰ ১ এপ্ৰিল পৰ্যন্ত চীনৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে ৷ সেই সময়লৈ কৰ’ণাত মৃত্যু হ’ব প্ৰায় ৩ লাখ ২২ হাজাৰ লোক ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ হেল্থ মেট্ৰিক্স এণ্ড ইভেল্যুৱেচনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য ৷

উল্লেখ্য যে, বৰ্তমান চীনত তীব্ৰ ৰূপত কৰ’ণাৰ সংক্ৰমণ হৈছে ৷ কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশখনত জাৰি কৰা হৈছে কঠোৰ লক’ডাউন ৷ ইয়াৰ মাজতে চীনত লক’ডাউনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে ৷ এই প্ৰতিবাদৰ মাজতে ডিচেম্বৰ মাহত নিষেধাজ্ঞা উঠাই লৈছিল চীন চৰকাৰে ৷ চীনৰ কৰ’ণাত আক্ৰান্ত হৈ এতিয়ালৈকে মুঠ ৫,২৩৫ জন লোকৰ মৃত্যু হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments