বিৰোধীৰ মিত্ৰতাত বিভাজন। কংগ্ৰেছ লৈ ৰৈ ৰৈ অকলে নিৰ্বাচন খেলিবলৈ সাজু CPI দল। গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা ৭টাকৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে CPIএ।শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে CPIএ।
নাজিৰাত কনক গগৈ, তিতাবৰত বিশ্বজিৎ শইকীয়া, ঢকুৱাখনাত ধীৰেণ কছাৰীৰ প্ৰাৰ্থী ঘোষণা কৰিলে CPIএ।গৌৰীপুৰত শ্বেখ মনচুৰ ৰহমান, মৰিগাঁৱত তপন ডেকা আৰু ডিমৌত কৃষ্ণ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে CPIএ।শিৱসাগৰ বিধানসভা সমষ্টিত CPIৰ পেনেলত আছে ৪গৰাকী প্ৰাৰ্থীৰ নাম।
