Thursday, November 7, 2024
Homeঅৰ্থনীতিক্ৰিপ্টোকাৰেন্সীয়ে ক্ষতি কৰিছে দেশৰ অৰ্থনৈতিক স্থিৰতা

ক্ৰিপ্টোকাৰেন্সীয়ে ক্ষতি কৰিছে দেশৰ অৰ্থনৈতিক স্থিৰতা

ডিজিটেল ডেস্ক, ANEWS24X7:  ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীকলৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীয়ে দেশৰ অৰ্থনৈতিক স্থিৰতা ক্ষতিগ্ৰস্ত কৰিছে ৷ দেশৰ ডিজিটেল মুদ্ৰা সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে ,‘‘ ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীৰ বাবে ভাৰতৰ অৰ্থনীতিৰ সামগ্ৰিক ভাৰসাম্য নষ্ট হৈ আহিছে৷ আনাগত দিনত ইয়াৰ প্ৰভাৱ ভয়ানক হ’ব ৷’’

অনাগত ভৱিষ্যৰত ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই দাবী কৰি কয় যে ,‘‘ কোনো এখন দেশৰ বাবে ইয়াৰ ব্যৱহাৰ প্ৰতিহত কৰাটো সম্ভৱ নহয় ৷ ভাৰতে পৰবৰ্তী জি-২০ বৈঠকত আলোচনাৰ বাবে বিষয়টো উত্থাপন কৰিব ৷’’

উল্লেখ্য যে ভাৰতে পৰৱৰ্তী জি-২০ সন্মিলনত সভাপতিত্ব কৰিব। ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে জুনমাহত কৈছিল যে ,‘‘ক্ৰিপ্টোকাৰেন্সীৰ এটা সামগ্ৰীৰ মূল্য পৃথক নাম দি মূল্য বৃদ্ধি কৰাৰ ক্ষমতা আছে। ফলস্বৰূপে, বিশ্বাসৰ আধাৰত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাৰ শৃংখলা ধ্বংস হৈ গৈছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments