তীৰ্থ বৰা, নগাঁও: সদৌ অসম ঘাটোৱাৰ সমাজৰ নগাঁও জিলাৰ অধিবেশনত বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাক।
বঢ়মপুৰৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কুঠৰীত অনুষ্ঠিত সদৌ অসম ঘাটোৱাৰ সমাজৰ নগাঁও জিলাৰ অধিবেশনত সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ অন্তত তেওঁক সদৌ অসম ঘাটোৱাৰ সমাজে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এখন গামোচা, সম্বৰ্দ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনায় ।
নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সদৌ অসম ঘাটোৱাৰ সমাজৰ নগাঁও জিলাৰ অধিবেশনত প্ৰৰ্দশন কৰা সত্ৰীয়া নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে ।