ডিজিটেল ডেস্ক, ১০ফেব্ৰুৱাৰী: সদ্য প্ৰকাশিত দয়াল দাস পানিকা স্ব-নিয়োজন আচনিৰ বিসংগতিপূৰ্ণ তালিকা শীঘ্ৰে বাতিল কৰাৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা)ই অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মেইল যোগে স্মাৰকপত্ৰ প্ৰদান কৰে ৷
আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ আৰু সাধাৰণ সম্পাদক নোৱাচ বাৰ্লা স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত উল্লেখ কৰি কয় যে, ‘প্ৰতি বছৰে আদিবাসী চাহ জনজাতি কল্যাণ সঞ্চালকে আদিবাসী চাহ শ্ৰমিক শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী হবলৈ দয়াল দাস পানিকা স্ব- নিয়োজন আঁচনিৰ যোগেদি এক কালিন সাহায্য প্ৰদান কৰি আহিছে ৷ কিন্তু দূষৰ বিষয় যে যোৱা জানুৱাৰী মাহত ঘোষণা কৰা তালিকাখন ব্যাপক বিসংগতিপূৰ্ণ ৷ তালিকাখনত যোৱা বৰ্ষত এই আচনিখত এককালিন সাহায্য পোৱা বহু যুৱক যুৱতীৰ নাম সন্নিৱিষ্ট হোৱা লগতে একঘৰৰ দুই তিনিজন হিতাধিকাৰী আৰু বহু গাও পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলৰ নাম সন্নিৱিষ্ট হৈছে’ ৷
আছা উপ সভাপতিদ্বয় দেবেন উৰাং আৰু ৰেজান হৰ’ই কাৰ নিৰ্দেশত ৱাৰ্ড সদস্য সদস্যা আৰু যোৱা বছৰত নিৰ্বাচিত হোৱা একেজন হিতাধিকাৰীক পুনৰায় সদ্য ঘোষিত তালিকাত অন্তভূক্ত কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ ধন আত্মহাত কৰাৰ ফন্দি কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি আছাৰ নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে ৷
বিজেপি চৰকাৰখনে এইবাৰ দয়াল দাস পানিকা স্ব নিয়োজন আঁচনিখনো গেৰুৱা কৰণ কৰিলে ৷ শ্ৰম বিভাগৰ দায়িত্বতত থকা মন্ত্ৰী সঞ্জয় কিষাণৰ বিভাগত ইমান বিসংগতি হোৱা পিছতো মন্ত্ৰীগৰাকী চকু মুদা কুলিৰ ভাও ধৰি থকাটো দূৰ্ভাগ্যজনক ৷ প্ৰতি বছৰে অযোগ্য হিতাধিকাৰী সকলক আচনিৰ ধন প্ৰদান কৰাৰ বাবে প্ৰকৃত শিক্ষিত নিবনুৱা যুৱক যুৱতী সকল বঞ্চিত হবলগীয়া হৈছে আৰু আদিবাসী জনগোষ্ঠীত শিক্ষিত নিবনুৱা দৈনন্দিন বৃদ্ধি হোৱা দেখা গৈছে বুলি আছাই অভিযোগ উত্থাপন কৰে ৷
এই তালিকা পয্যন্ত আছাই ক্ষান্ত নহয় ৷ বিসংগতি পূৰ্ণ তালিকা বাতিল কৰিবলৈ আৰু প্ৰকৃত নিবনুৱা সকলক নিৰ্বাচন কৰি স্ব নিয়োজন আঁচনিৰ ধন প্ৰদান কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই দাবী জনাই ৷
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰা পিছতো এই বিসংগতিপূৰ্ণ তালিকা বাতিল নকৰিলে আছাই প্ৰৱল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷