Wednesday, March 18, 2026
Homeঅসমবৰপেটাৰ চেঙাৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

বৰপেটাৰ চেঙাৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমান: বৰপেটাৰ চেঙাৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

পাঁচদিন পূৰ্বে নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছিল জমিৰ আলী

দশম শ্ৰেণীৰ ছাত্ৰ জমিৰ আলীৰ মৃতদেহ বুধবাৰে সন্ধিয়া চেনিমাৰীত ব্ৰহ্মপুত্ৰ নদীত পাৰ্কুপাইনৰ মাজত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

স্থানীয় নাৱৰীয়াই জমিৰ আলীৰ মৃতদেহ পাৰ্কুপাইনৰ মাজত আৱদ্ধ হৈ ভাঁহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

ঘটনাস্থলীত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ তৎপৰতাত এটি আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যেই পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো।

যোৱা ১৪ মাৰ্চত চেনিমাৰী চৰৰ মহুৰ উদ্দিনৰ পুত্ৰ জমিৰ আলীয়ে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পেৰাধৰা সাপ্তাহিক বজাৰৰ পৰা নাৱেৰে নিজ ঘৰলৈ উভতি আহি থকা অৱস্থাত হঠাৎ নাৱৰ পৰা ব্ৰহ্মপুত্ৰ নদীত পৰি গৈছিল।

জমিৰ আলীৰ লগত সংঘটিত এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments