Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়কানপুৰত প্ৰাণঘাতী শীত! মৃত্যু হৈছে ২৫ জনৰ

কানপুৰত প্ৰাণঘাতী শীত! মৃত্যু হৈছে ২৫ জনৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7:  উত্তৰ প্ৰদেশৰ কানপুৰত শীতে ধাৰণ কৰিছে বিধ্বংসী ৰূপ । শীতৰ ফলত এতিয়া কানপুৰত দৈনিক হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ ঘটনা চৰ্চালৈ আহিছে ।

শীতৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি হ’ব লগীয়া হৈছে বৃহৎ সংখ্যক ৰোগী । কানপুৰৰ হৃদৰোগৰ চিকিৎসালয়ত দৈনিক বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ।

কানপুৰৰ চিকিৎসা বিভাগে সদৰী কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে শীতৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ ২৩ জন লোকৰ মৃত্যু হৈছে আৰু ব্ৰেইন ষ্ট্ৰোকৰ ফলত ২ জন ৰোগীৰ মৃত্যু হৈছে । বৃহস্পতিবাৰৰ দিনটোতে কানপুৰত ২৫ জন লোকৰ মৃত্যু হৈছে ।

এই সন্দৰ্ভত হৃদৰোগ বিভাগৰ সঞ্চালক অধ্যাপক বিনয় কৃষ্ণই কয় যে ,” এই শীতকালত হৃদয় আৰু মন দুয়োটাতে প্ৰভাৱ পৰিছে । ঠাণ্ডাৰ ফলত শিৰাত তেজৰ গোট জমা হৈ আহিছে । ইয়াৰ ফলত ৰক্তচাপৰ সংখ্যা বৃদ্ধি পাইছে আৰু হাৰ্ট এটেক হ’বলৈ ধৰিছে । কানপুৰত পৰিস্থিতি ক্ৰমাগতভাৱে বেয়াৰ দিশলৈ গৈ আছে ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments