Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ অপৰাধত মৃত্যুদণ্ড লিখকক

সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ অপৰাধত মৃত্যুদণ্ড লিখকক

 

ডিজিটেল ডেস্ক, ANEWS24X7: ইজৰাইলী সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ বাবে মৃত্যুদণ্ডৰ শাস্তি ৷ ইৰাণ প্ৰশাসনে ইজৰাইলী সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ অপৰাধত ইৰাণৰ লেখক মেহেদী বাহমানেক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ৷ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়াৰ অপৰাধত ইৰাণ চৰকাৰে দুমাহ পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল লিখক জনক ৷

ইৰাণী লেখকজনে ২০২২ চনত এটা ইজৰাইলী নিউজ চেনেলক সাক্ষাৎকাৰ প্ৰদান কৰিছিল ৷ লিখক গৰাকীয়ে ইৰাণৰ মৌলবাদী প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল ৷ ইয়াৰ পিছতে ইৰাণ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছিল লেখক মেহেদী বাহমানেক

উল্লেখ্য যে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ইৰাণত হিজাব বিতৰ্কত উত্তাল হৈ পৰিছিল ৷ ইৰাণীসকলে বাধ্যতামূলক হিজাব পৰিধান আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ৰাজপথলৈ ওলাই আছিল হাজাৰ হাজাৰ জনতা ৷ এই আন্দোলনত অংশগ্ৰহণ কৰিছিল দেশখনৰ প্ৰসিদ্ধ ব্যক্তি সকলেও ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments