Saturday, July 5, 2025
Homeৰাষ্ট্ৰীয়বিধ্বস্ত হিমাচল আৰু উত্তৰাখণ্ড, মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি

বিধ্বস্ত হিমাচল আৰু উত্তৰাখণ্ড, মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি

ডিজিটেল ডেস্ক, anews24x7: উত্তৰাখণ্ডৰ হিমাচল প্ৰদেশৰ লগতে এইবাৰ হৰপাই পঞ্জাৱত নিষেধাজ্ঞা আৰোপ কৰিছে। হিমালয়ৰ দুখন ৰাজ্যৰ সমান্তৰালকৈ উত্তৰ ভাৰতৰ ৰাজ্যখনত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ । ফলত হোছিয়াৰপুৰ, গুৰদাসপুৰ, ৰূপনগৰকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হৰ্পা বান নামি আহিল। প্ৰশাসনৰ সূত্ৰৰ মতে, পং আৰু ভকৰা মথাউৰিৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ ফলত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। অৱশ্যে মুখ্যমন্ত্রী ভগৱন্ত মানে উদ্ধাৰ আৰু সাহায্যৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে৷

আনহাতে, যোৱা কেইদিনমানৰ পৰা বৰষুণ, ভূমিস্খলন আৰু বানপানীৰ ফলত ইতিমধ্যে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যাই ৮০ জন অতিক্ৰম কৰিছে। কেৱল হিমাচলতে বুধবাৰলৈকে মৃত্যু হৈছে ৭১জন লোকৰ। উত্তৰাখণ্ডত ১০ জন লোকৰ মৃত্যু। অৱশ্যে এই দুখন ৰাজ্যত বৰষুণ বন্ধ নহ’ব বুলি সকীয়াই দিছে মৌসম ভৱনে। বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইদিনমানৰ বাবে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। হিমাচলৰ মুখ্য সম্পাদক অংকৰচন্দ শৰ্মাই সংবাদ সংস্থা পিটিআইক জনাইছে যে, ‘যোৱা তিনিদিনত ৭১ জন লোকৰ মৃত্যু হৈছে। ১৩ জন লোক সন্ধানহীন। দেওবাৰৰ নিশালৈকে ৫৭টা মৃতদেহ উদ্ধাৰ হৈছে।”

দেওবাৰৰ পৰা হিমাচলত তীব্ৰতৰ হৈ পৰিছে বৰষুণ। শিমলাকে ধৰি ৰাজ্যৰ অধিকাংশ জিলাতে ভূমিস্খলনৰ সৃষ্টি হয়। ৰাজধানী শিমলাৰ তিনিটা অঞ্চল ভূমিস্খলনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সেইবোৰ হ’ল, ছামাৰ হিল, ফাগলী আৰু কৃষ্ণনগৰ। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ তথ্য অনুসৰি ২৪ জুনৰ পৰা এই বাৰিষাত হিমাচলত ২১৪ জন লোকৰ মৃত্যু হৈছে। নিৰুদ্দেশ হৈছে ৩৮জন। উপ আয়ুক্ত নিপুন জিন্দালে কয় যে যোৱা ২৪ ঘন্টাত কাংগৰা জিলাৰ ইন্দোৰা আৰু ফাতেহপুৰৰ পৰা ১৭৩১ জন লোকক উদ্ধাৰ কৰা হৈছে। মৌসম ভৱনৰ তথ্য অনুসৰি অহা দুদিনলৈ উনা, হামিৰপুৰ বিলাসপুৰ, কংৰা, মাণ্ডী, শিমলা, সোলান আৰু ছিৰমুৰত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব।

শিমলা বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক সুৰেন্দ্ৰ পলে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, চলিত বৰ্ষৰ জুলাই মাহত হিমাচলত হোৱা বৰষুণৰ পৰিমাণে বিগত ৫০ বছৰৰ সকলো অভিলেখ ভংগ কৰিছে। ৰাজ্যত চলিত বতৰৰ যোৱা ৫৪ দিনত ৭৪২ মিলিমিটাৰ বৰষুণ হৈছে। উত্তৰাখণ্ডৰ নৈতাল, চম্পাৱত, উধম সিং নগৰ, ডেৰাডুন, টিহৰি, পুৰী আৰু আলমোৰা জিলাত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। ডেৰাডুনৰ বিকাশনগৰ তহচিলৰ লংহা জাখান গাঁৱত বৃহস্পতিবাৰে ভাঙি পৰে ১৫টা ঘৰ। কিন্তু স্থানীয় প্ৰশাসনে জনোৱা মতে, আগতীয়াকৈ ৰাইজক নিৰাপদ স্থানলৈ লৈ যোৱাত এক বৃহৎ বিপদৰ পৰা হাত সাৰিব পৰা যায়। ইয়াৰ উপৰিও পৌৰী-কোটদ্বাৰ-ডুগাড্ডা ৰাষ্ট্ৰীয় ঘাইপথ ভাঙি যোৱাৰ বাবে বন্ধ হৈ আছে। পিপালকোটিৰ সমীপৱৰ্তী হৃষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ হৰপাৰ ক্ষন্তেকীয়া বানপানীয়ে উটুৱাই লৈ গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments